ETV Bharat / city

অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস - অসমৰ বনবিভাগ

অসম মিজোৰাম সীমান্তত এতিয়াও অব্যাহত আছে মিজোৰ সন্ত্ৰাস । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিচটো অসমৰ ভূমিৰ প্ৰায় তিনি কিলোমিটাৰ অংশ মিজো আৰক্ষীৰ দখলত আছে ৷ অস্ত্ৰ-শস্ত্ৰসহ শতাধিক মিজো আৰক্ষীয়ে এতিয়া টহল দিছে অসমৰ মাটিত ৷ কিন্তু কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পোৱা নাই অসম চৰকাৰ ৷

অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাসঅসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস
অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস
author img

By

Published : Oct 28, 2020, 8:39 AM IST

শিলচৰ, 28 অক্টোবৰ : সংঘৰ্ষজৰ্জৰিত অসম মিজোৰাম সীমান্তত এতিয়াও অব্যাহত আছে মিজোসকলৰ সন্ত্ৰাস । মিজো আৰক্ষীৰ দখলত ৷ অস্ত্ৰ-শস্ত্ৰসহ শতাধিক মিজো আৰক্ষীয়ে এতিয়া টহল দিছে অসমৰ মাটিৰ প্ৰায় তিনি কিলোমিটাৰ অংশত ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ পিচটো কিন্তু এতিয়াও সাৰ পোৱা নাই কুম্ভকৰ্ণৰ নিদ্ৰাত শুই থকা অসম চৰকাৰ ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মিজো লোকৰ আক্ৰমণত আহত অসমীয়া

অসমৰ ভূখণ্ডত দিনৰ পৰ দিন মিজোসকলৰ আগ্ৰাসন বৃদ্ধি হৈ আছে ৷ সীমান্তৱৰ্তী এলেকাৰ লায়লাপুৰ আৰু খুলিচৰাত বিগত কিছু দিন ধৰি চলি থকা মিজোসকলৰ তাণ্ডৱত সৰ্বহাৰা হৈছে অসমীয়া ৷ আনকি অসমীয়াৰ ঘৰবাৰী, দোকান-পোহাৰ জ্বলাই দিয়াৰ পিছত এতিয়া অস্থায়ী আশ্ৰয় শিৱিৰত দিন কটাবলগীয়া হৈছে খিলঞ্জীয়াই ৷ কিন্তু ইমানৰ পিচটো জাতি-মাটি-ভেঁটিৰ কথা কোৱা সৰ্বানন্দৰ চৰকাৰ মৌন হৈয়ে আছে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী

কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী এলেকা ধলাই খুলিচৰাত বিগত চাৰিদিন আগত মিজোসকলে অসমৰ ভূমিৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাইছিল ৷ তাৰপিছৰ পৰা এই স্থানটো মিজো সকলে দখল কৰি ৰাখিছে ৷ শতাধিক পৰিমানে সশস্ত্ৰ মিজো আৰক্ষী মোতায়েন কৰি ৰখা হৈছে সেই স্থানত আৰু তালৈ যাবলৈ কাকো অনুমিত দিয়া নাই মিজো আৰক্ষীয়ে ৷ প্ৰায় তিনি কিলোমিটাৰ অসমৰ ভূমিসহ বনাঞ্চল এইদৰে অবৈধভাৱে তেওঁলোকে দখল কৰি ৰাখিছে ৷

লগতে পঢ়ক : আশ্ৰয় শিবিৰত ক্ষণ গণিছে লায়পুৰৰ শতাধিক পৰিয়ালে

এই ঘটনাৰ বুজ ল'বলৈ খুলিচৰাৰ উক্ত বিবাদিত স্থানত গৈ উপস্থিত হৈছিল অসমৰ বনবিভাগৰ এটা দল ৷ যাৰ নেতৃত্বত আছিলে কাছাৰৰ জিলা বনাঞ্চলিক বিষয়া চানি দেও চৌধুৰী ৷ অসমৰ বনাঞ্চল মিজো সকলৰ দখলত থকাৰ বিষয়ে জানিব পাৰি সেইস্থানলৈ গৈছিল চৰকাৰী বিষয়াগৰাকী ৷ কিন্তু অসমৰ ভূমিতেই অসমৰ এজন বিষয়াক যাবলৈ অনুমতি নিদিলে মিজো আৰক্ষীয়ে ৷ বনাঞ্চলিক বিষয়াগৰাকীয়ে মিজো আৰক্ষীক যেতিয়া প্ৰশ্ন কৰিলে যে, কিয় মিজো আৰক্ষীয়ে অসমৰ বনাঞ্চল দখল কৰি ৰাখিছে, তেতিয়া মিজো আৰক্ষীয়ে উত্তৰ দিয়ে যে তেওঁলোকৰ ওপৰৰ পৰা নিৰ্দেশ আছে যাৰবাবে তেওঁলোক এই স্থান দখল কৰি ৰাখিছে ৷ আনকি অসমৰ বিষয়াগৰাকীক সেই স্থানৰ পৰা উভতি যাবৰ বাবেও কয় মিজো আৰক্ষীয়ে ৷ বহু সময় ধৰি বিষয়াগৰাকীয়ে মিজো আৰক্ষীৰ লগত যুক্তি তৰ্কত লিপ্ত হয় যদিও শেষত মিজো আৰক্ষীয়ে সেইস্থানৰ পৰা উভটাই পঠাই দিয়ে বনাঞ্চলিক বিষয়া চানি দেও চৌধুৰী সহ বনবিভাগৰ দলক ৷

লগতে পঢ়ক : সীমান্তত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান প্ৰধান গৃহ সচিব জি ডি ত্ৰিপাঠীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.