শিলচৰ, 12 জুন : কৰ'ণা ভাইৰাছৰ বাবে জাৰী কৰা লকডাউনত ছৌদি আৰৱত আৱদ্ধ হৈ আছিল শিলচৰৰ এগৰাকী অভিযন্তা ৷ শিলচৰৰ সোণাই ৰোডৰ অভিযন্তা শংকৰ পাল ছৌদি আৰৱৰ দামাম চহৰত এইদৰে লকডাউনৰ ফলত আৱদ্ধ হৈ আছিল ৷ অভিযন্তাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে অভিযন্তা পালক ঘুৰাই আনিবলৈ আহ্বান জনাইছিল সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ক ৷
এনে অৱস্থাত অভিযন্তাগৰাকীক নিজ ঘৰলৈ নির্বিঘ্নে ঘুৰাই আনিলে সাংসদ ডা: ৰাজদীপ ৰয়ে । আজি শিলচৰত অভিযন্তা শংকৰ পালে সাংসদ ডাঃ ৰয়ক সাক্ষাৎ কৰি কৃতজ্ঞতা জনায় ।
জানিব পৰা মতে, শংকৰ পালক দেশলৈ ঘুৰাই আনিবলৈ সাংসদ ৰাজদ্বীপ ৰয়ে বিগত 30 মে'ত বিদেশ মন্ত্রী ডঃ এছ জয়শংকৰ আৰু ছৌদি আৰৱৰ চৰকাৰক টুইট কৰি আহ্বান জনোৱাৰ পিছত এসপ্তাহৰ ভিতৰত স্বদেশলৈ ঘুৰি অহাৰ ব্যবস্থা কৰে । যোৱা 4 জুনত ছৌদি আৰৱৰ পৰা অভিযন্তাজনক কলকাতালৈ লৈ অনা হয় । ইয়াৰ পিছত 5 জুনত তেওঁ শিলচৰ পায়হি ৷
লগতে পঢ়কঃ সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত চি পি আই (এম)ৰ প্ৰতিবাদ