নিউজ ডেস্ক, 25 ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক(Atal Bihari Vajpayee 97th birth anniversary) জন্মবাৰ্ষিকী উদযাপন কৰা হয় ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ লগতে বিভিন্ন জিলা-মণ্ডল-শাখা সমিতিয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনটো উদযাপন কৰে ৷ টীয়কৰ কলিয়াপানী মণ্ডল বিজেপিয়ে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ৯৭সংখ্যক জন্মদিনটো ৷ টীয়কৰ কলিয়াপানী মণ্ডল বিজেপিয়ে সু শাসকগৰাকীৰ জন্মদিনটোত ৬৬ নং বুথত ই শ্ৰম কাৰ্ড বিতৰণ কৰে ৷
আনহাতে টীয়কৰ পুৰণাবেংক তিনিআলিস্থিত মণ্ডলৰ কাৰ্যালয়ৰ প্ৰাংগণৰ প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষ্যেত টীয়কৰ জগদুৱাৰৰ পৰা মুদৈজানলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰত এক মটৰচাইকেল ৰেলী উলিওৱা হয় । উক্ত ৰেলীটো মণ্ডলৰ সভাপতি দীপক শইকীয়া আৰু উপ-সভাপতি অভিজিত বৰুৱাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে । ৰেলীৰ পূৰ্বে যুৱমৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্যই বিশ্ব বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷
নলবাৰীৰ ঘগ্ৰাপাৰত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম দিৱস উপলক্ষে এক ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা হয় ৷ নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত নলবাৰী স্বাস্থ্য বিভাগৰ সহাযোগত ঘগ্ৰাপাৰস্থিত বনভাগ বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিৱিৰ ৷ শিৱিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই । শিৱিৰটোত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে দলীয় কৰ্মীসকলক অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় ।
সোণাৰিতো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জন্মদিনটো ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই উদ্বোধন কৰা অনুষ্ঠানটোত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰ, বিপিবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তীৰ্থ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।
লগতে পঢ়ক : বিজেপি নেতাই ওভতাই দিব দেহৰক্ষী, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ