ETV Bharat / city

Abdul Kalam Death Anniversary: নলবাৰীত ৰং তুলিকাৰে মিছাইলমেন আব্দুল কালামক সোঁৱৰণ

author img

By

Published : Jul 27, 2022, 10:47 PM IST

শিল্পীৰ ৰং তুলিকাত জীৱন্ত হৈ উঠিল মহান মনীষী এ পি জে আব্দুল কালাম । নলবাৰীৰ গংগাপুখুৰীৰ পাৰত ৰং তুলিকাৰে সজল সোঁ‌ৱৰণ ভূতপূৰ্ব ৰাষ্ট্ৰপতিগৰাকীক(APJ Abdul Kalam 7th Death Anniversary) ।

Remembering Missile Man of India on his 7th death anniversary
নলবাৰীত ৰং তুলিকাৰে সোঁৱৰণ মিছাইলমেনক

নলবাৰী, ২৭ জুলাই : মহান মনীষী তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামৰ সপ্তম সংখ্যক মৃত্যু বাৰ্ষিকী বুধবাৰে দেশজুৰি ব্যাপক কাৰ্যসূচীৰে পালন কৰা হয় (APJ Abdul Kalam 7th Death Anniversary ) । অসমতো মিছাইলমেনগৰাকীৰ মৃত্যুতিথিত বিভিন্ন কাৰ্যসূচীৰে প্ৰখ্যাত বিজ্ঞানীগৰাকীক সোঁৱৰণ কৰা হয় ৷ নলবাৰীত অভিনৱ পন্থাৰে সোঁৱৰণ কৰা হয় মহান মনীষীগৰাকীক ।

নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী পাৰত ৰং তুলিকাৰে জীৱন্ত ৰূপ দি মহান মনীষীগৰাকীক সোঁৱৰণ কৰা হয় (Remembering Missile Man of India ) ৷ বৰভাগৰ বৰকুৰিহাত ঐতিহাসিক গংগাপুখুৰীৰ পাৰত মুকলি আকাশৰ তলত ৰং তুলিকাৰে সশ্ৰদ্ধ সোঁ‌ৱৰণ কৰা হয় ৷ "বিন্দু এক সাধনাৰ ক্ষেত্ৰ"ৰ যুৱ চিত্ৰশিল্পী নয়ন কলিতাৰ নেতৃত্বত প্ৰায় ত্ৰিশখন ব'ৰ্ডত ৪৫ জন ছাত্ৰ-ছাত্ৰীয়ে মহান মনীষীগৰাকীৰ ১৪ ফুট দৈৰ্ঘ্যৰ এখন প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে ।

উক্ত সোঁৱৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি "বিন্দু এক সাধনাই" কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰে । ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন চিত্ৰ অংকন কৰি মহান মনীষীগৰাকীৰ মৃত্যু তিথি পালন কৰে ।

উল্লেখ্য যে, আব্দুল কালামে ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ড৹ এ পি জে আব্দুল কালামক প্ৰধানত ভাৰতৰ বিজ্ঞান, বিশেষকৈ মহাকাশ আৰু ক্ষেপণাস্ত্ৰৰ ক্ষেত্ৰত অৰ্জন কৰা কৃতিত্বৰ বাবে স্মৰণ কৰা হয় ৷ বিশেষকৈ অগ্নি আৰু পৃথ্বী মিছাইলৰ বিকাশৰ আঁৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ ড৹ কালামৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছিল ৷ ইয়াৰে উইংছ অৱ ফায়াৰ আৰু ইগনাইটেড মাইণ্ড বিশেষভাৱে লেখত ল’বলগীয়া ৷ এই গ্ৰন্থকেইখনে কিশোৰ আৰু যুৱ সমাজক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ।

নলবাৰীত ৰং তুলিকাৰে সোঁৱৰণ মিছাইলমেনক

ড৹ কালামৰ ব্যক্তিগত জীৱন অতি সংঘৰ্ষপূৰ্ণ আছিল । ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ড৹ কালামে শৈশৱ কালত বহু কষ্টৰ সন্মুখীন হৈছিল ৷ কিন্তু তেওঁ কেতিয়াও হাৰ মানি নাছিল । শ্ৱাৰ্টজ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Schwartz Higher Secondary School)ত স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত, ড৹ কালামে ছেইণ্ট জোচেফ কলেজত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰীত নামভৰ্তি কৰে । স্নাতক শিক্ষা শেষ কৰাৰ পিছত, ড৹ কালামে মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা এৰ’নটিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰে ।

ড৹ এ পি জে আব্দুল কালামে ১৯৫৮ চনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত (DRDO) ত যোগদান কৰে ৷ তেওঁ এক দশকৰো অধিক সময়ৰ ডি আৰ ডি অ’ত কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৬৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ত যোগদান কৰে । তেওঁ ভাৰতত নিৰ্মিত প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ এছ এল ভি-৩ (SLV-III) ৰ প্ৰকল্প সঞ্চালক আছিল । ড৹ কালাম ১৯৮২ চনত পুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত (DRDO) ত যোগদান কৰে আৰু ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰ’গ্ৰাম (Integrated Guided Missile Development Program) কাৰ্যক্ষম কৰে ৷ ইয়াৰ বাবে পিছত তেওঁ "মিছাইল মেন অৱ ইণ্ডিয়া"ৰ (Missile Man of India) সন্মান অৰ্জন কৰে ।

ড৹ এ পি জে আব্দুল কালামে বিভিন্ন আদৰ্শগত ৰাজনৈতিক দলৰ সৈতে কাম কৰাৰ গৌৰৱ লাভ কৰিছিল । তেওঁক পি ভি নৰসিংহ ৰাও চৰকাৰৰ (PV Narsimha Rao government) দিনত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বৈজ্ঞানিক উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল । তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ (PM Atal Bihari Vajpayee) নেতৃত্বত ভাৰতৰ ১৯৯৮ চনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণত ড৹ কালামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

অৱশ্যে আন্তৰ্জাতিক সম্প্ৰদায়ে ড৹ কালামৰ কৰ্মৰাজিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু এই ক্ষেত্ৰত ভাৰতৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞাও জাৰি কৰা হৈছিল ৷ কিন্তু ১৯৯৮ চনৰ মে’ মাহত পোখৰাণ-২ পৰীক্ষণে ড৹ কালামক সকলোৰে মাজত পৰিচিত কৰি তুলিছিল ৷

১৯৯৯ চনত অটল বিহাৰী বাজপেয়ী পুনৰ ক্ষমতালৈ অহাত ড৹ কালামে ২০০১ চনলৈকে চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ এবছৰ পিছত, তেওঁ কে আৰ নাৰায়ণৰ পাছত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ড৹ কালামক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰেও সন্মানিত কৰা হৈছিল ৷ তেওঁক ১৯৯০ চনত পদ্মভূষণ (Padma Bhushan) আৰু ১৯৯৭ চনত ভাৰত ৰত্ন (Bharat Ratna) প্ৰদান কৰা হয় ।

২৭ জুলাই, ২০১৫ ত মিছাইল মেন (Missile Man of India) খ্যাত ড৹ এ পি জে আব্দুল কালামে শ্বিলঙত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত বক্তৃতা দি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । অৱশ্যে ভাৰতীয়সকলৰ হৃদয়ত এতিয়াও জীৱিত হৈ আছে মিছাইল মেন খ্যাত ড৹ এ পি জে আব্দুল কালাম ।

লগতে পঢ়ক : Har ghar Tiranga : ধুবুৰীত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বাবে ব্যাপক তৎপৰতা জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.