ETV Bharat / city

Paddy Procurement System: নলবাৰীত মুকলি হ’ল ধান ক্ৰয় কেন্দ্ৰ

author img

By

Published : Jan 29, 2022, 9:02 PM IST

বিগত বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা চৰকাৰে ৰাজ্যৰ কৃষকসকলৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ শনিবাৰে ভাৰতীয় খাদ্য নিগম(FCI)ৰ সহযোগত নলবাৰীত মুকলি কৰা হ'ল এটা ধান ক্ৰয় কেন্দ্ৰ (Paddy Procurement System opening in Nalbari) ৷ কৃষকৰ পৰা নূন্যতম মূল্যত ধান সংগ্ৰহৰ লক্ষ্যৰে মুকলি কৰা হয় এই কেন্দ্ৰটো ৷

rice-sell-center-opens-at-nalbari
নলবাৰীত মুকলি ধান ক্ৰয় কেন্দ্ৰ

নলবাৰী, 29 জানুৱাৰী : ৰাজ্য চৰকাৰে কৃষকসকলৰ পৰা উচিত মূল্যৰ বিনিময়ত ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Government has decided to buy paddy from farmers at a fair price) ৷ সেই অনুসৰি, কৃষকসকলে এতিয়াৰে পৰা মধ্যভোগীৰ হস্তক্ষেপ অবিহনে ভাৰতীয় খাদ্য নিগমক তেওঁলোকে উৎপাদন কৰা ধানসমূহ পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব ৷ আন আন প্ৰান্তৰ দৰে নলবাৰীতো আৰম্ভ হৈছে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া (Paddy Procurement System opening in Nalbari) ৷

এই প্ৰক্ৰিয়াৰ মাজেৰে নলবাৰীৰ কৃষক সকলৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতীয় খাদ্য নিগমে ৷ নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই বৰচেনীকুছি জয় গুৰু শংকৰ মন্দিৰ চৌহদত আয়োজিত এখন সভাত ভাৰতীয় খাদ্য নিগমে ঘগ্ৰাপাৰ কৃষি কাৰ্যালয়ৰ অধীনত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত কৃষকৰ পৰা নূন্যতম মূল্যত ধান সংগ্ৰহৰ লক্ষ্যৰে শনিবাৰৰ পৰা কাৰ্যক্ষম হোৱাকৈ এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে ৷ লগতে প্ৰায় 388 জন কৃষকক ধান ক্ৰয়ৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷

নলবাৰীত মুকলি ধান ক্ৰয় কেন্দ্ৰ

এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে গুণগত মান সম্পন্ন ধান নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ পৰা প্ৰায় 47000 কুইণ্টল অৰ্থাৎ 50 মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বিধায়কগৰাকীয়ে জানিব দিয়ে ৷

অসম চৰকাৰৰ ধান ক্ৰয় আঁচনিৰ অধীনত কৃষকৰ পৰা প্ৰতি কুইণ্টলত নিম্নতম মূল্য 1940 টকা দৰত এই ধান ক্ৰয় কৰা হ’ব বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ লগতে ঘগ্ৰাপাৰ কৃষি কাৰ্যালয়ৰ পৰা 50 মেট্ৰিক টন ধান ৰাষ্ট্ৰীয় কৃষি বিপণন সমবায় সমিতি লিঃৰ অধীনত ক্ৰয় কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : অৱশেষত স্থগিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.