নলবাৰী, 1 ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী বয়োজ্যেষ্ঠ ৰাজনীতিবিদ (Octogenarian politician of Assam)৷ একালত তেওঁ আছিল অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী ৷ 1978 চনত নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তদানীন্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা মন্ত্ৰীসভাৰ শিক্ষা, গৃহ আৰু সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ শিক্ষকতা এৰি ছাত্ৰ আন্দোলনৰ জড়িয়তে সমাজবাদী আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাজনীতিত যোগ দিয়া এইগৰাকী অশীতিপৰ ৰাজনীতিবিদ ৰমণী বৰ্মন (Assam ex minister Ramani Barman) ৷
এগৰাকী প্ৰাক্তন মন্ত্ৰী হৈয়ো ৰমণী বৰ্মনে কটাইছে অনাড়ম্বৰ জীৱন । নাই কোনো ভেম, নাই অহংকাৰ ৷ মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী ৰাজ্যৰ এইজন বৰেণ্য ৰাজনীতিক । তেওঁ আজিও বিসৰ্জন দিয়া নাই নিজৰ আদৰ্শ । তেওঁ নিজৰ ৰাজনৈতিক আদৰ্শত এতিয়াও অটল (Octogenarian politician of Assam Ramani Barman) ।
প্ৰথমে নলবাৰী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত শিক্ষকতা কৰিছিল ৰমণী বৰ্মন । তাৰ পৰৱৰ্তী সময়ত ছাত্ৰ আন্দোলনৰ জৰিয়তে সমাজবাদী আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাজনীতিলৈ ঢাপলি মেলে তেওঁ । সাম্প্ৰতিক সময়ৰ ৰাজনীতিক লৈ ব্যথিত এইগৰাকী বৰ্ষীয়ান ৰাজনীতিক । মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী প্ৰবীণ ৰাজনীতিক গৰাকীয়ে বৰ্তমান চৰকাৰৰ কাম-কাজক লৈয়ো উদ্বেগ প্ৰকাশ কৰে (Ramani Barman on todays political system)।
তেওঁ কেৱল এগৰাকী ৰাজনীতিকেই নহয়, এগৰাকী সু-অভিনেতাও । কেইবাখনো চিনেমা, নাটকত অভিনয় কৰি তেওঁ সুখ্যাতি অৰ্জন কৰিছিল । নলবাৰীৰ ভাড়াঘৰতে থকা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এজন পুত্ৰক ১৯৯৫ চনত আলফাই গুলীয়াই হত্যা কৰিছিল (ULFA killed Ramani Barman’s son)। পৰৱৰ্তী সময়ত পত্নীৰ বিয়োগ আৰু একমাত্ৰ কন্যাক বিয়া দিয়াৰ পিছত সম্প্ৰতি আন এগৰাকী পুত্ৰৰ সৈতে তেওঁ পাৰ কৰিছে জীৱনৰ বিয়লি সময় । পুত্ৰক হেৰুৱাই জীৱনৰ বিয়লি বেলাত আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক মূল সূঁতিলৈ ঘুৰি আহিবলৈও আহ্বান জনাই ৰমণী বৰ্মনে ৷
লগতে পঢ়ক: বুকাৰ বঁটা বিজয়ী লেখিকা অৰুন্ধতী ৰয়ৰ মাতৃ মেৰী ৰয়ৰ দেহাৱসান