ETV Bharat / city

ধোৱাঁচাঙত নলবাৰীৰ ৰে’ল ষ্টেচনত ক’ভিড প্ৰট’কল

author img

By

Published : May 16, 2021, 9:53 PM IST

নলবাৰী জিলাৰ ভয়ংকৰভাৱে সংক্ৰমিত হৈছে কৰ’ণা ৷ কৰ’ণাৰ দ্বিতীয় ঢৌ'ত আক্ৰান্ত হৈছে ৩৩৬৭ গৰাকীকৈ লোক ৷ জিলাখনত বিশ গৰাকীতকৈ অধিক লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ৷

ধোৱাঁচাঙত নলবাৰীৰ ৰেল ষ্টেচনত ক’ভিড প্ৰট’কল

নলবাৰী, 16 মে' : ৰাজ্যজুৰি ব্যাপকভাৱে কৰ’ণাৰ সংক্ৰমণৰ সময়তেই নলবাৰী জিলাতো কৰ’ণাৰ সংক্ৰমণ হৈছে ৷ জিলাখনত ইতিমধ্যে 3000 তকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ পাছতো নলবাৰীৰ ৰে’ল ষ্টেচনত ক’ভিড সম্পৰ্কত নাই কোনো ধৰণৰ সজাগতাৰ ব্যৱস্থা ৷

নলবাৰী ৰে’ল ষ্টেচনত নাই যাত্ৰীৰ কোনো ধৰণৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা ৷ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰী সকলৰ কোনো ধৰণৰ স্বাস্থ্য বা ক’ভিড পৰীক্ষা নকৰাকৈ জিলাখনৰ বিভিন্ন ঠাইলৈ গমন কৰাৰ ফলত জিলাখনৰ সাধাৰণ লোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে ৷

নলবাৰীত ক’ভিডৰ গণ সংক্ৰমণৰ দিশে গতি কৰাৰ পিছতো জিলা উপায়ুক্ত বা বিভাগীয় কৰ্তৃপক্ষই ৰে’ল যাত্ৰীৰ ক্ষেত্ৰত অৱহেলা কৰাটো সঁচাকৈয়ে উদ্বেগজনক বিষয় হৈ পৰিছে জিলাখনৰ সাধাৰণ জনতাৰ বাবে ৷

লগতে পঢ়ক : মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ কি ক’লে শিক্ষামন্ত্ৰীয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.