ETV Bharat / city

পথ মেৰামতিৰ দাবীত নলবাৰীত প্ৰতিবাদ

বিধ্বস্ত পথ মেৰামতিৰ দাবীত কোৰ,জাকৈ লৈ ৰাজপথত বাঁহ বান্ধি ক্ষুব্ধ মহিলাৰ প্ৰতিবাদ ৷ স্থানীয় বিধায়ক, পৌৰসভাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী ৷

বিধ্বস্ত পথ মেৰামতিৰ দাবীত প্ৰতিবাদ
author img

By

Published : Apr 30, 2019, 9:06 AM IST

নলবাৰী, 30 এপ্ৰিল : নলবাৰী পৌৰসভা তথা জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এজাক বৰষুণতেই চহৰবাসী ৰাইজে কৃত্ৰিম বানত ভুগিবলগীয়া হৈছে নৰক যন্ত্ৰণা । নলবাৰী পৌৰসভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ মালিকুছিৰ ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্গম পথৰ বাবে জীয়াতু ভুগি আহিছে ৷ ফলত অতিষ্ঠ হৈ হাতে - হাতে কোৰ আৰু জাকৈ লৈ ৰাজপথলৈ ওলাই আহি জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত পৌৰসভা আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

বিধ্বস্ত পথ মেৰামতিৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে, চহৰৰ মালিকুছি অঞ্চলৰ যামিনী চ'কৰ পৰা কলেজ ৰোড-ব্লক চাৰিআলি চ'কলৈ যোৱা সংযোগী পথটোৰ বিধ্বস্ত ৰূপত অতিষ্ঠ ৰাইজে পথটো মেৰামতি সন্দৰ্ভত নলবাৰী পৌৰসভা আৰু স্থানীয় বিধায়ক অশোক শৰ্মাক বহুসময়ত জনাই আহিছে যদিও আজিপৰ্যন্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে অতিশীঘ্ৰে পথটো মেৰামতি কৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰী ৰাইজে ৷

Slug Women Protest
30Apr19
Story FTP

#নলবাৰীত পথ মেৰামতিৰ দাবীত কোৰ,জাকৈ লৈ  ৰাজপথত বাহ বান্ধি ক্ষুব্ধ মহিলাৰ প্ৰতিবাদ।।

#স্হানীয় বিধায়ক, পৌৰসভাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।।

VO=নলবাৰী পৌৰসভা তথা জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এজাক বৰষুনতেই চহৰবাসী ৰাইজে কৃত্ৰিম বানত নৰক যন্ত্ৰণা ভূগি আহিব লগা হৈছে। চহৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজে দীৰ্ঘদিন ধৰি 
দুৰ্গম পথৰ বাবে জীয়াতু ভুগি অহাৰ সময়তে
নলবাৰী পৌৰসভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ মালিকুছিৰ বাসিন্দা সকলে অতিষ্ঠ হৈ হাতে - হাতে কোৰ আৰু জাকৈ লৈ ৰাজপথলৈ ওলাই আহি জৰাজীৰ্ণ পথৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে। উল্লেখ্য যে, চহৰৰ মালিকুছি অঞ্চলৰ যামিনী চ'কৰ পৰা কলেজ ৰোড-ব্লক চাৰিআলি চ'কলৈ যোৱা সংযোগী পথটোৰ বিধ্বস্ত ৰূপত অতীষ্ঠ হৈ ৰাজপথলৈ ওলাই আহি আজি প্ৰায় শতাধিক মহিলাই পৌৰসভা আৰু স্থানীয় বিধায়ক ৰ বিৰুদ্ধে ক্ষোভ উজাৰে । ইয়াতেই ক্ষান্ত নাথাকি  ক্ষুদ্ধ মহিলা সকলে পথত বাহ বান্ধি পথটো অনিৰ্দিষ্ট কাললৈ পথ বন্ধ কৰি  দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।অভিযোগ মতে, স্হানীয় ৰাইজে পথটো মেৰামতিৰ সন্দৰ্ভত নলবাৰী পৌৰসভা আৰু স্থানীয় বিধায়ক অশোক শৰ্মাক বাৰম্বাৰ  অনুৰোধ কৰাৰ পিছতো গুৰুত্ব নিদিয়াত অৱশেষত আজি এনেদৰে প্ৰতিবাদ  কৰিবলৈ বাধ্য হৈ পৰে। ইপিনে অতি শীঘ্ৰে পথটো মেৰামতি নহলে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি  তোলা হব বুলিও ক্ষুদ্ধ প্ৰতিবাদকাৰী 
মহিলাসকলে সকীয়নি প্ৰদান কৰে।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.