ETV Bharat / city

নলবাৰীত চক্ৰ বিষয়া কাৰ্যালয় পৰা দালালক আটক - নলবাৰীত দালালক আটক

বুধবাৰে আৰক্ষীয়ে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এজন দালালক আটক কৰে (Broker Arrested from Circle Office Nalbari) ৷ ধৃত দালালজনৰ পৰা বিভিন্ন মাটিৰ দলিলকে ধৰি বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

Broker Arrested from Circle Office Nalbari
নলবাৰীত চক্ৰ বিষয়া কাৰ্যালয় পৰা দালালক আটক
author img

By

Published : Jun 16, 2022, 6:20 PM IST

নলবাৰী, 16 জুন: ইফালে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission), আনফালে দালালৰাজৰ ওপৰত ৰঙা চকু অসম আৰক্ষীৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যজুৰি চলা মাটিৰ দালাল বিৰোধী অভিযান অধিক তীব্ৰতৰ হৈ উঠিছে ৷

নলবাৰীত চক্ৰ বিষয়া কাৰ্যালয় পৰা দালালক আটক

এইবাৰ নলবাৰীত আৰক্ষীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এজন দালালক আটক কৰে ৷ বুধবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা এক অভিযানত নলবাৰীৰ বৰকুৰাৰ ৰতন বৰ্মন নামৰ দালালজনক নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ (Circle Office Nalbari) পৰা আটক কৰে (Broker Arrested from Circle Office Nalbari) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ধৃত ৰতনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে মাটিৰ বিভিন্ন দলিলকে ধৰি বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইফালে, ধৃত দালালজনৰ বিৰুদ্ধে আৰক্ষীক বিভিন্নজনে অভিযোগ দিয়াৰ কথা আৰক্ষীয়ে জানিব দিয়ে ৷ নলবাৰীত খোদ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এইদৰে দালালৰ দপদপনিয়ে সম্প্ৰতি সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ আনহাতে, নলবাৰী আৰক্ষীয়ে ধৃত ৰতনক আটক কৰি থানাত জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মাহুৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ’ল এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.