নলবাৰী, ১১ এপ্ৰিলঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাৰাথান নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ । বৃহস্পতিবাৰে একে অনুৰূপ ছবি দেখা গ'ল নলবাৰীত । নলবাৰীৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত এখন দলীয় নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই ।
ইয়াৰ পূৰ্বে নলবাৰী সমষ্টিৰ আল্লিয়া, বৰাজোল, বালি তাৰা, দিহজাৰী, নিলপুৰ আদি ঠাইতো প্ৰচাৰ চলাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে । আনহাতে দিলীপ শইকীয়াই কংগ্ৰেছ দল দুৱাৰ হেঁচা দল বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কলিতাই কয় যে, দিলীপ শইকীয়া তেওঁ নতুন মানুহ , নিৰ্বাচন সম্পৰ্কে শিষ্টাচাৰিতাৰ অভাৱ হৈছে ।