ETV Bharat / city

Ajanta Neog Controversy: নিজৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ অজন্তা নেওগৰ

author img

By

Published : Aug 1, 2022, 6:15 PM IST

মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ(Minister Ajanta Neog controversy) ৷ মন্ত্ৰীগৰাকী ঘৰত নথকা সময়ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ দায়ী নহয় বুলি মন্তব্য ৷ আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্ত মন্ত্ৰীগৰাকীৰ ৷ আনহাতে বানৰ সময়ত অসমত ৩,৮০০ টকাৰ নামত দুৰ্নীতি হোৱাৰ কথা অস্বীকাৰ মন্ত্ৰী অজন্তা নেওগৰ ।

Orunodoi Scheme training program inaugurated in Nalbari
মন্ত্ৰী অজন্তা নেওগ

নলবাৰী, 1 আগষ্ট : নিজৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত সোমবাৰে অজ্ঞতা প্ৰকাশ কৰে মন্ত্ৰী অজন্তা নেওগে (Ajanta Neog controversy) ৷ সোমবাৰে নলবাৰীত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী অজন্তা নেওগে তেওঁৰ বাসগৃহত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ মন্ত্ৰীগৰাকীয়ে অধিকাংশ সময় দিছপুৰত থকাৰ কথা উল্লেখ কৰি কয় যে, তেওঁ ঘৰত নথকা সময়ত কি সংঘটিত হৈছে তথা কোন নিৰাপত্তাৰক্ষীয়ে কি কৰিছে সেয়া সকলো সময়তে কেনেকৈ গুৰুত্ব দিম বুলি মন্তব্য কৰি তাৰ বাবে তেওঁ দায়ী নহয় বুলি উল্লেখ কৰে ৷ তেওঁ লগতে এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ কথা ব্যক্ত কৰি আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত সোমবাৰে অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণৰ এক প্ৰশিক্ষণ শিবিৰ মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে (Ajanta Neog inaugurated a training program of Arunoday Scheme) । ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰলৈ হ’বলগীয়া অৰুণোদয় আঁচনিৰ জৰীপৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী নেওগ ।

এই এমাহত অৰুণোদয় আঁচনি সন্দৰ্ভত কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি নলবাৰী জিলাৰ প্ৰত্যেকঘৰ লোকৰ ঘৰে ঘৰে গৈ জৰীপ কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে(Arunoday Scheme training program inaugurated in Nalbari) । মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি জৰীপৰ পিছত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৷

নিজৰ বিৰুদ্ধে উঠা অভিযাগত অজ্ঞতা প্ৰকাশ অজন্তা নেওগৰ

আনহাতে, বানৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত ৩,৮০০ টকাৰ নামত কোনো দুৰ্নীতি হোৱা নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে । তেওঁ নিজে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Vineet committed suicide case: দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.