ETV Bharat / city

নলবাৰীত অগৰু গছ ৰোপণৰ বিশেষ প্ৰকল্প

author img

By

Published : Aug 9, 2019, 9:55 AM IST

নলবাৰীত অগৰু গছ ৰোপণৰ বিশেষ প্ৰকল্প ৷ 2000 জোপা অগৰু গছ ৰোপণৰ পৰিকল্পনা কৰা হৈছে নলবাৰীৰ নবীন তামুলী পামত ৷

নলবাৰীত অগৰু গছ ৰোপনৰ বিশেষ প্ৰকল্প

নলবাৰী,9আগষ্ট : নলবাৰী জিলাৰ তিলানাত অগৰু গছ ৰোপণৰ এক বিশেষ প্ৰকল্প হাতত লোৱা হৈছে ৷ নলবাৰীৰ তিলানাস্থিত বিখ্যাত নবীন তামুলী পামত অগৰু গছ ৰোপণৰ প্ৰকল্প হাতত লৈছে বিশিষ্ট সমাজকৰ্মী গনেশ তামুলীয়ে ৷ নামনি অসমত পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এনে পদক্ষেপ । অতি মূল্যবান অগৰু গছৰ বাবে অসমৰ মাটি পানী উত্তম আৰু অগৰু গছে দিব পাৰে জীৱিকাৰ সন্ধান ৷ যাৰ বাবে এতিয়া নলবাৰী জিলাত এই মূল্যবান অগৰু গছক লৈ চলিছে নতুন পৰিকল্পনা ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে নলবাৰীৰ তিলানাত থকা এইখন আদৰ্শ নবীন তামুলী পামত অগৰু গছ ৰোপণৰ শুভাৰম্ভ কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । আনুষ্ঠানিক ভাৱে অগৰু গছ ৰোপণৰ শুভাৰম্ভ কৰা এই নবীন তামুলী পামত 2000 জোপা অগৰু গছ ৰোপনৰ পৰিকল্পনা হাতত লৈছে বুলি পামৰ স্বত্বাধিকাৰ গণেশ তামুলীয়ে জানিবলৈ দিয়ে ৷

Intro:নলবাৰীত অগৰু গছ ৰোপনৰ বিশেষ প্ৰকল্প।Body:অতি মূল্যবান অগৰু গছৰ বাবে অসমৰ মাটি পানী উত্তম । আৰু অগৰু গছে দিব পাৰে জীৱিকাৰ সন্ধান । যাৰ বাবে এতিয়া এই মূল্যবান অগৰু গছক লৈ চলিছে নতুন পৰিকল্পনা । নলবাৰীৰ বিখ্যাত নবীন তামুলী পামত অগৰু গছ ৰোপনৰ প্ৰকল্প হাতত লৈছে বিশিষ্ট সমাজকৰ্মী গনেশ তামুলীয়ে । নামনি অসমত পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এনে পদক্ষেপ । আৰু কালি এইদৰে আনুস্থানিক ভাৱে নলবাৰীৰ তিলনাত থকা এইখন আদৰ্শ নবীন তামুলী পামত অগৰু গছ ৰোপনৰ শুভাৰম্ভ কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীয়ে । যথেষ্ট সম্ভাবনাময় এই অগৰু গছ সম্পৰ্কে সজাগ হবলৈ সকলোকে তেওঁ আহ্বান জনাই । এই অনুষ্ঠানত উপস্থিত থকা আগৰ ব্যৱসায়ৰ লগত জড়িত জেহেৰুল ইছলামে অগৰু গছ তথা আগৰৰ ব্যৱসায়ীক চাহিদা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে । বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইদৰে আনুস্থানিক ভাৱে অগৰু গছ ৰোপনৰ শুভাৰম্ভ কৰা এই নবীন তামুলী পামত 2000 জোপা অগৰু গছ ৰোপনৰ পৰিকল্পনা হাতত লৈছে বুলি পামৰ স্বত্বাধিকাৰ গনেশ তামুলীয়ে জানিব দিয়ে ।
Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.