ৰূপহীহাট , 30মে : কৰ’ণা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিভিন্ন জিলাৰ লগতে নগাঁৱৰ জুৰীয়াতো বহিঃৰাজ্যৰ পৰা অহা লোক সকলৰ বাবে প্ৰশাসনে কেইবাটাও কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰিছে । উল্লেখ্য যে, জুৰীয়াৰ কোৱাৰেন্টাইন শিবিৰত কোৱাৰেন্টাইন হৈ থকা লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ দায়িত্ব লৈছে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ ঘনিষ্ঠ একাংশ যুৱ কংগ্ৰেছীয়ে ।
আনফালে, জুৰীয়াৰ প্ৰাক্তন জিলা পৰিষদ তথা বিজেপি নেত্ৰী ছালমা জেছমিনে কোৱাৰেন্টাইন শিবিৰ সমূহত থকা লোকসকলৰ খা-খবৰ লবলৈ কদমনি টাউন হাইস্কুল, বগৰীগুৰি হাই মাদ্ৰাছা আৰু জুৰীয়া কলেজত উপস্থিত হয় । বিজেপি নেত্ৰীগৰাকী বগুৰীগুৰি হাই মাদ্ৰাছাত উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাগি পৰে কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্যৰত থকা এগৰাকী আৰক্ষী লোক । আৰক্ষী লোকজনে জনোৱা মতে, শিবিৰত থকা লোকসকলক খাদ্য যোগান দিয়াৰ সময়ত এজন যুৱ কংগ্ৰেছীৰ নেতাই কৰ্তব্যত থকাৰ সময়তে তেওঁক সকলোৰে সন্মুখতে ভাবুকি দিয়ে ৷ লগতে অশ্লীল গালি-গালাজ পাৰে ।
আনফালে, কোৱাৰেন্টাইন শিবিৰত থকা লোকসকলে খোৱা পানী কমকৈ দিয়াৰ অভিযোগ কৰাৰ লগতে খাদ্য সামগ্ৰী অতি নিম্ন মানৰ যোগান ধৰাৰ অভিযোগ তুলিছে খাদ্য সামগ্ৰী বিতৰণ কৰা লোক সকলৰ বিৰুদ্ধে ৷
লগতে পঢ়ক- লকডাউনৰ নিয়ম উলংঘা কৰি মহানগীৰত সুৰামত্ত গাড়ীচালকৰ তাণ্ডৱ