নগাওঁ, 29 আগষ্টঃ পুনৰ ভু-লুণ্ঠিত মানৱতা । স্বাস্থ্য পৰীক্ষাৰ বাবে আশা কৰ্মীয়ে লৈ অনা গৰ্ভৱতী মহিলাই ই-ৰিক্সাতে প্ৰসৱ কৰিলে সন্তান । অসুস্থ অৱস্থাত মহিলাগৰাকীক এৰি পলায়ন আশা কৰ্মীৰ । এনে এক অমানৱীয় ঘটনা সংঘটিত হৈছে নগাঁৱত। ই ৰিক্সাতে সন্তান প্ৰসৱ কৰা ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে তীব্ৰ উত্তেজনাই বিৰাজ কৰে নগাওঁ অসামৰিক চিকিৎসালয়ৰ সন্মুখত। মৈৰাবাৰী অঞ্চলৰ এইগৰাকী মহিলাক স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁৱলৈ লৈ আহিছিল এগৰাকী আশা কৰ্মীয়ে। ধিং গেটৰ পৰা এখন ই ৰিক্সাৰে অনাৰ সময়তে সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে। তাৰ পিছতেই সৃষ্টি হয় এই অভাৱনীয় পৰিস্থিতিৰ। সন্তান প্ৰসৱ কৰাৰ পিছতেই প্ৰসূতিগৰাকী অসুস্থ হৈ পৰি থাকে চিকিৎসালয়ৰ সন্মুখৰ পদপথত। লগে লগে একাংশ মহিলা উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে মহিলাগৰাকীক।
এই ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্থাপন হৈছে বহুকেইটা গুৰুতৰ অভিযোগ। নগাওঁ চহৰৰ পৰা ম'হখুলীলৈ মাতৃমংগল স্থানান্তৰ কৰাত বহু অসুবিধাৰ সন্মুখীন হৈছে গৰ্ভৱতী মহিলাসকল । ইয়াৰে পূৰ্ণ সুযোগ লৈ চিকিৎসালয়খনত একাংশ দালাল সক্ৰিয় হৈ পৰাৰো অভিযোগ উত্থাপন হৈছে । আনকি চিকিৎসালয়ৰ একাংশ লোকৰ ব্যক্তিগত নাৰ্ছিং হোম আৰু লেবৰেটৰিৰ সৈতে বুজাবুজি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।