ETV Bharat / city

নগাঁৱত শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে - নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

নগাঁৱত ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ(Vaccination drive for teenagers start in Nagaon) । নগাঁৱত শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

Vaccination drive for teenagers
Vaccination drive for teenagers
author img

By

Published : Jan 3, 2022, 3:57 PM IST

নগাঁও, 3 জানুৱাৰী : অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ আন জিলাৰ লগতে নগাঁও জিলা প্ৰশাসনে সোমবাৰৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক প্ৰতিষেধক প্ৰদান কাৰ্য আৰম্ভ কৰিছে (Vaccination drive for teenagers in Assam)। নগাঁও জিলা স্বাস্থ্য সেৱা বিভাগে সোমবাৰে জিলাখনৰ ২২ খন বিদ্যালয়ক সামৰি ইয়াৰ শিক্ষাৰ্থী সকলক প্ৰতিষেধক প্ৰদান কৰে ।

সোমবাৰে পুৱা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত এই কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Dr. Ranoj Pegu inaugurates vaccination drive in Nagaon) । অনুষ্ঠান উদ্বোধন কৰি ডাঃ পেগুৱে কয় যে, ‘‘নতুন বছৰটো আমি এটা ভাল কামৰে আৰম্ভ কৰিছোঁ । আজিৰে পৰা ১৫ বছৰৰ পৰা ১৮ বছৰৰ সকলোকে ক’ভিড-১৯ ৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছোঁ । নগাঁও জিলাতো সৰ্বমুঠ ২২খন বিদ্যালয়ত আজি কভিড প্ৰতিষেধক দিছোঁ’’ ।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘‘ক’ভিডে মহামাৰী হিচাপে দেখা দিওঁতে আমাৰ হাতত পি পি ই কীট নাছিল । ক’ভিড পৰীক্ষা কীট নাছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই আত্মনিৰ্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰিলে । বৰ্তমান আমি ক’ভিড পৰীক্ষা কীট, ভেকচিন কীট নিজে প্ৰস্তুত কৰোঁ । অসমত ১৮ বছৰৰ ওপৰৰ লোক সকলৰ প্ৰতিষেধক দিয়া কাৰ্য ১০০ শতাংশ সম্পূৰ্ণ হৈছে’’ ৷

Vaccination drive for teenagers
নগাঁৱত শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

বিদ্যালয় সমূহত খালী হৈ থকা পদসমূহত অস্থায়ী শিক্ষক নিযুক্তিৰ প্ৰসংগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, ‘‘নগাঁৱত প্ৰাক্তন ছাত্র-ছাত্ৰী সকলে, স্বেচ্ছাসেৱী সংগঠন সমূহে সাময়িকভাৱে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিধায়ক ৰূপক শৰ্মাৰ লগত বা বিদ্যালয়ৰ অধ্যক্ষাৰ লগত আলোচনা কৰি ব্যৱস্থা কৰিব পাৰিব । কিন্তু স্থায়ী নিযুক্তি হ'লে বিজ্ঞাপনৰ জৰিয়তে হ’ব’’ ৷

ভাৰতীয় ভাষাৰ মূল সংস্কৃত ভাষা বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কয়, অসমীয়া, বাংলা, ওড়িয়া আদি সংস্কৃত ভাষাৰ পৰা উৎপত্তি । আমি এই পুৰাতন ভাষাটো শিকা উচিত । ইপিনে সাংবাদিকে ঠিকা ভিত্তিক শিক্ষক সকলৰ নিয়মীয়া কৰণৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত আইনী বাধা আছে । তৎসত্বেও তেওঁলোকক প্ৰায় নিয়মীয়াকৰণ কৰি সমহাৰত দৰমহা দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে । ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ শতাংশ ডি এ দিয়াৰো সিদ্ধান্ত লোৱা হৈছে ।

কনিষ্ঠ মহাবিদ্যালয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত (Action against junior colleges in Assam) অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ, নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ, নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ আদি উপস্থিত থাকে ।

উল্লেখযোগ্য যে, এই ভেকচিন প্ৰদান কাৰ্যসূচী নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ, ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, হয়বৰগাঁও হাইস্কুল, নগাঁও কেন্দ্ৰীয় বিদ্যালয়, কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় , বৰভোগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালত অনুষ্ঠিত হৈছে ৷

ইয়াৰ লগতে খ্ৰীষ্টজ্যোতি ইংলিছ স্কুল, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং কলেজ, নগাঁও ছোৱালী মহাবিদ্যালয়, কলং কপিলী কনিষ্ঠ মহাবিদ্যালয়, কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও কনিষ্ঠ মহাবিদ্যালয়, নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰত্নকান্ত বৰকাকতি হাইস্কুল আৰু ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আদিতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ।

লগতে পঢ়ক : কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.