ETV Bharat / city

বনমন্ত্ৰীৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন: মুখ্যমন্ত্ৰীয়ে কৰিব হাতীৰ মৃত্যুৰ তদন্ত

author img

By

Published : Jul 8, 2021, 7:32 PM IST

নগাঁৱৰ তপত জুৰিত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ আজিও নহ’ল উচ্চ পৰ্যায়ৰ কোনো তদন্ত । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক প্ৰশ্ন খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীয়ে ।

unhappy cm to probe elephant death himself
মুখ্যমন্ত্ৰীয়ে কৰিব হাতীৰ মৃত্যুৰ তদন্ত

নগাঁও, 8 জুলাই : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তপতজুৰি বামুণী পাহাৰৰ হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বুধবাৰে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনী পাহাৰৰ তপত জুৰিত 18 টা হাতীৰ মৃত্যু হোৱা ঘটনাৰ তদন্তক লৈ খৰ্গহস্ত মুখ্যমন্ত্ৰী ৷ 13 মে’ত বামুণী পাহাৰত মৃত্যু হৈছিল ১৮ টাকৈ বন্যহস্তীৰ । কিন্তু বন্যহস্তীকেইটাৰ মৃত্যুৰ তদন্ত আজিও হৈ সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰাৰম্ভিক তদন্ত তথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হ’ল যে, বজ্ৰপাতৰ ফলত মৃত্যু হৈছিল হাতী কেইটাৰ ৷

হঠাৎ হাতীৰ মৃত্যুৰ ঘটনাক লৈ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে বন বিভাগৰ এক অনুষ্ঠানত বনমন্ত্ৰীগৰাকীৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বন বিভাগৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত বনমন্ত্ৰীগৰাকীৰ কাম কাজক লৈ মুখ্যমন্ত্ৰীৰ অসন্তুষ্টি প্ৰকাশ পালে স্পষ্ট ৰূপত ।

পৰোক্ষভাৱে বনমন্ত্ৰীগৰাকীৰ ব্যৰ্থতাকেই যেন উদঙাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । কেৱল ইমানেই নহয় হাতীৰ মৃত্যুৰ তদন্তৰ বাবে তিনিমাহৰ সময় নিৰ্ধাৰণ কৰি মুখ্যমন্ত্ৰীয়ে হুংকাৰ প্ৰদান কৰে ৷ এইবাৰ হাতীৰ মৃত্যুৰ উচিত তদন্ত নহ’লে মুখ্যমন্ত্ৰীয়ে নিজেই কৰিব ঘটনাৰ তদন্ত ৷

একেলগে ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । বন বিভাগৰ বিৰুদ্ধে গৰজি উঠিছিল বিভিন্ন দল সংগঠন । ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন হৈছিল ৰাজ্যজুৰি ।

ঘটনা সংঘটিত হোৱাৰ পিছতেই দুৰ্গম পাহাৰত শীৰ্ষ বন বিষয়াক লগত লৈ উপস্থিত হৈছিল ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । দুৰ্গম পাহাৰত উপস্থিত হৈ ১৮ টাকৈ হাতীৰ মৃত্যুৰ বুজ লৈছিল বনমন্ত্ৰী গৰাকীয়ে ।

বজ্ৰপাতত হাতীৰ জাকটোৰ মৃত্যু হোৱা বুলিও দাবী কৰিছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । বনমন্ত্ৰীৰ এই দাবীক মানি ল'ব পৰা নাছিল প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে । বামুণী পাহাৰৰ সমীপৰ মিকিৰ বামুণী গ্ৰাণ্টৰ হস্তী দণ্ডিতত সৌৰ শক্তি প্ৰকল্পৰ নিৰ্মাণ কৰি থকা এজিউৰ নামৰ কোম্পানীকো তদন্তৰ আঁওতালৈ অনাৰ দাবী উত্থাপন কৰিছিল দল সমগঠনৰ লগতে স্থানীয় লোকে ।

কিন্তু আজি পৰ্যন্ত ব্যক্তিগত কোম্পানীটোক তদন্তৰ আঁওতালৈ আনিবলৈ সাহস গোটাব নোৱাৰিলে বিয়াগোম বন বিভাগে । এই ঘটনাৰ এটা মাহৰ অন্তত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত হাতীকেইটা বজ্ৰপাতৰ ফলতেই মৃত্যু হোৱা বুলি ঘোষণা কৰি দায়িত্ব সামৰিছিল বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । কিন্তু বিষয়টোক লৈ চর্চা চলিয়েই আছিল । এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত ঘটনাৰ যথোচিত তদন্ত হয় নে নহয় সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.