বঢ়মপুৰ,21 নৱেম্বৰ : বঢ়মপুৰ কঠিয়াতলীত বুধবাৰে নিশা চোৰে চলালে চাফাই অভিযান ৷ কঠিয়াতলীৰ লাচিত নগৰৰ চিনু বৰা নামৰ এজন ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলালে লুটপাত ৷ নগদ দহ হাজাৰ টকাসহ সোণৰ আ-অলংকাৰ, টিভি আৰু কাঁহৰ বাচনসহ বহু মূল্যৱান সামগ্ৰী লৈ উধাও হয় চোৰ ৷ ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
ইফালে পুৱতি নিশা কলিয়াবৰৰ মিছা আৰক্ষীৰ তহলদাৰী গোটে আটক কৰে দুই ম'বাইল টাৱাৰৰ বেটেৰী চোৰক ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত কেলিডেন সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS-15CC-7127 নম্বৰৰ এখন টাটা জেন বাহনসহ ২৪ টা ম'বাইল টাৱাৰত ব্যৱহৃত বেটাৰী জব্দ কৰাৰ লগতে দুটা চোৰক আটক কৰে মিছা আৰক্ষীৰ তহলদাৰী গোটে। উক্ত গাড়ীখনত অহা ৪ টা চোৰ ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি দুটা চোৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুজন ক্ৰমে কামৰূপ পলাশবাৰীৰ মকছুদ আলি আৰু সোণাপুৰৰ হজৰত আলি বুলি চিনাক্ত কৰা হৈছে। আনহাতে পলাতক দুজন ক্ৰমে আমচুৰ আলি আৰু জহিৰুল বুলি আৰক্ষীয়ে চিনাক্ত কৰি তেওঁলোকক কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে।