ETV Bharat / city

আলু খেতিক লৈ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অনুষ্ঠান - আলুৰ ক্লনৰ খেতি

বৃহস্পতিবাৰে নগাঁৱৰ শিমলুগুৰিস্থিত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত আলুৰ বীজ উৎপাদন আৰু প্ৰসাৰণ তথা জিলাখনৰ আলু খেতিয়ক সকলৰ সুবিধাৰ্থে এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় (Programme of Nagaon Krishi Vigyan Kendra on Potato Cultivation) ৷

special-programme-of-nagaon-krishi-vigyan-kendra-on-potato-cultivation
আলু খেতিক লৈ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অনুষ্ঠান
author img

By

Published : Mar 31, 2022, 5:00 PM IST

নগাঁও,31 মাৰ্চ : বৃহস্পতিবাৰে নগাঁৱৰ শিমলুগুৰি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত “অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প" (এপার্ট) ৰ অন্তৰ্গত চলি থকা আলুৰ বীজ উৎপাদন আৰু প্ৰসাৰণ তথা জিলাখনৰ আলু খেতিয়ক সকলৰ সুবিধাৰ্থে এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় (Programme of Nagaon Krishi Vigyan Kendra on Potato Cultivation) ৷

অনুষ্ঠানটোৰ আঁত ধৰি কৃষি বিজ্ঞান কেন্দ্ৰটোৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড৹ নিৰঞ্জন ডেকায়ে জিলাখন আৰু ৰাজ্যখনৰ কৃষকসকলে আলুৰ খেতি কৰা সময়ত উন্নত মানৰ বীজৰ সন্ধানত পোনতে হাবাথুৰি খাবলগীয়া হয় বুলি উল্লেখ কৰে ।

আলু খেতিক লৈ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অনুষ্ঠান

লগতে কৃষক সকলৰ এই চাহিদা পূৰণ কৰিবলৈ এপাৰ্টৰ অধীনত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহযোগত 2018 চনৰ পৰা যি প্ৰয়াস কৰি থকা হৈছে, তাৰে ফলস্বৰূপে বর্তমান জিলাখনত মুঠ পাঁচ (5) টা “কীট পতংগ প্ৰতিৰোধী” নেট হাউত আলুৰ কেইটামান উন্নত জাত যেনে- কুৰ্ফি সুৰিয়া, কুক্তি পোখৰাজ, লেডি ৰ'চেটা, চিপ্‌চ'না-1, চিপচ'না-3, য়ুচি মাপ, কুৰ্ফি জ্যোতি আৰু 40 টাতকৈ অধিক আলুৰ ক্ল'নৰ খেতি কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে বিজ্ঞানী ড৹ নিৰঞ্জন ডেকাই ।

অনুষ্ঠানটোত উপস্থিত থাকি কেন্দ্ৰীয় আলু গৱেষণা কেন্দ্ৰ, চিমলাৰ গৃহ পৰামৰ্শদাতা ড৹ জে.এচ. মিনহাচে কৃষক সকলক বীজ উৎপাদন কৰিবলৈ উদগনি জনায় । তেওঁ কয় যে, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হিমাচলৰ কৃষকে বিঘাত যদি 60 কুইন্টল আলু উৎপাদন কৰি ব্যৱসায় কৰিব পাৰে, তেন্তে অসমীয়া কৃষকেও উন্নত মানৰ জাতসমূহ খেতিত ব্যৱহাৰ কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে ।

অসমৰ উৰ্বৰ ভূমিত আলু খেতিৰ ভৱিষ্যত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, পর্যাপ্ত পৰিমাণে পানী যোগান ধৰিব পাৰিলে অসমৰো উৎপাদন যথেষ্ট বৃদ্ধি হ’ব । ইয়াৰোপৰি, অনুষ্ঠানত উপস্থিত থকা কৃষকসকলৰ সৈতে আলু বীজ হিচাপে কৰিবলৈ কি কি গুণাগুণ থকাটো দৰকাৰ সেই বিষয়ে বিষদভাৱে আলোচনা কৰা হয় ।

পুৰুষ-মহিলা উভয় কৃষকে উৎকৃষ্ট আলুৰ জাত হ’বলৈ বীজৰ আকাৰ, আকৃতি, ৰং, আলুৰ চকুৰ অৱস্থিতি, আলুৰ ছালৰ গঠন আৰু আলুৰ উৎপাদন ক্ষমতা ইত্যাদি গুণসমূহৰ পৰ্যালোচনা কৰি ভোট দি এটা উন্নত জাত নিৰ্ধাৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানটোৰ শেষত উপস্থিত কৃষকসকলে 2021-22 চনত কৃষি বিজ্ঞান কেন্দ্ৰটোত উৎপাদন কৰা আলুৰ 27 টা ক্ল 'নৰ ভিতৰত উৎকৃষ্ট মানৰ ক্ল’নৰ নিৰ্বাচন কৰে । এই অনুষ্ঠান প্ৰকল্প সমন্বয়ক (এপার্ট) ভাস্কৰ মহন্ত, ড৹ নির্মল কান্ত শর্মা, জ্যেষ্ঠ গৱেষণা সহায়ক (CIP) প্ৰিয়ংকা ডেকা, প্ৰকল্প সহায়ক (এপার্ট), বিষ্ণুজ্যোতি শইকীয়া, সহকাৰী প্ৰকল্প বিজ্ঞানী, (এপার্ট), দুর্লভ চন্দ্ৰ কলিতা, গবেষণা সহায়ক (এপার্ট) আৰু স্থানীয় কৃষকসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ক্ষমতাশালী ভাৰতীয়ৰ তালিকা: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীতকৈ বহু আগত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.