ETV Bharat / city

শীঘ্ৰে AJP ত যোগদান কৰিব যুৱ ব্যৱসায়ী উৎপল বনিয়া

author img

By

Published : Jan 11, 2021, 3:39 PM IST

AJP ত যোগদান কৰিব যুৱ ব্যৱসায়ী উৎপল বনিয়া ৷ 16 জানুৱাৰীত ৰহাত যোগদান কৰিব যুৱ ব্যৱসায়ী গৰাকী ৷ সংবাদমেলযোগে ঘোষণা কৰিলে এই কথা ৷

Recently AJP Joining Nagaon Youth Bussnesman Utpal Bania
শীঘ্ৰে AJP ত যোগদান কৰিব যুৱ ব্যৱসায়ী উৎপল বনিয়া

নগাঁও, 11 জানুৱাৰী : সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দল সমূহে ৰণডংকা বজাবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে, প্ৰতিটো ৰাজনৈতিক দলত যোগদান পৰ্ব আৰম্ভ হৈছে ৷ সোমবাৰে অসমীয়া গহণাক বিশ্বৰ দৰবৰাত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা যুৱ ব্যৱসায়ী উৎপল বনিয়াই শীঘ্ৰে 'অসম জাতীয় পৰিষদ'ত যোগদান কৰাৰ কথা ঘোষণা কৰে ৷ সোমবাৰে সংবাদমেলযোগে ঘোষণা কৰিলে এই কথা ৷

উল্লেখ্য যে, অভিযন্তাৰ চাকৰি এৰি অসমীয়া গহনাক বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হোৱা নগাঁৱৰ উদ্যমী যুৱক উৎপল বনিয়াই যোগদান কৰিব 'অসম জাতীয় পৰিষদ'ত । 'কা' আন্দোলনৰ পৰাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা যুৱক উৎপল বনিয়াই সোমবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা অৱগত কৰে ।

16 জানুৱাৰীত ৰহা সমষ্টিৰ কঁচুৱাত অনুষ্ঠিত হ'বলগীয়া এক বিশাল সভাত 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাৰ উপস্থিতিত সমৰ্থকসহ উৎপল বনিয়াই যোগদান কৰিব 'অসম জাতীয় পৰিষদ'ত । অসমীয়া কেঁচা সোণৰ গহণা উদ্যোগৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰা উৎপল বনিয়াই সংবাদমেলৰ জৰিয়তে কৃষক নেতা অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কাৰাবন্দী অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনাইছে ।

লগতে পঢ়ক : চৰকাৰৰ বিফলতা ঢাকিবলৈ বিধায়কৰ ওপৰত দোষ জাপিছে বিজেপিয়ে : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.