ETV Bharat / city

নগাঁৱত AJYCP ৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি - Preparation of silpi divas

2022 চনৰ 17 জানুৱাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত তথা নগাঁও জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব শিল্পী দিৱস (Preparation of silpi divas organised by AJYCP) ৷ এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে এজেৱাইচিপিৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকলে ৷

ajycp-will-centrally-celebrate-silpi-divas-in-nagaon
নগাঁৱত অনুষ্ঠিত হ’ব AJYCP ৰ কেন্দ্ৰীয় শিল্পী দিৱস
author img

By

Published : Dec 26, 2021, 10:30 AM IST

চামগুৰি, 26 ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত আৰু নগাঁও জিলা সমিতিৰ উদ্যোগত উদযাপন কৰা হ’ব শিল্পী দিৱস (Preparation of silpi divas organised by AJYCP) ৷ 2022 চনৰ 17 জানুৱাৰীত উৰিয়াগাঁও বাইপাছ চ'কৰ পুৰণি খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব শিল্পী দিৱস ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁৱস্থিত কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত হয় ৷ এই সংবাদমেলত উদযাপন সমিতিৰ সভাপতি-সম্পাদকৰ লগতে প্ৰচাৰ উপ সমিতিৰ সভাপতি প্ৰমুখ্যে উদ্যোক্তাসকল উপস্থিত থাকে ৷

নগাঁৱত অনুষ্ঠিত হ’ব AJYCP ৰ কেন্দ্ৰীয় শিল্পী দিৱস

সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৰ বিষয়-ববীয়াসকলে শিল্পী দিৱস উদযাপনৰ বাবে ৰাইজৰ সহায়, সহযোগ আৰু গঠনমূলক পৰামৰ্শ বিচাৰে ৷ এই সংবাদমেলত আয়োজক মণ্ডলীয়ে সদৰী কৰা অনুসৰি, শিল্পী দিৱসৰ দিনা পুৱা 9 বজাত AJYCP ৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷

ইয়াৰ পাছতে শ্বহীদ বেদীত শ্ৰদ্ধা নিবেদন কৰিব সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ৷ ইতিমধ্যে কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকা বুলি উদ্যোক্তাসকলে সংবাদমলেত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, সুন্দৰৰ সাধক, সুৰৰ পূজাৰী, অসমীয়া বোলছবিৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনতো সমগ্ৰ ৰাজ্যতে শিল্পী দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক : Atal Bihari Vajpayee 97th birth anniversary: ৰাজ্যজুৰি সুশাসন দিৱস উদযাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.