ৰূপহীহাট, 6 জুনঃ ৰূপহীহাটৰ জুৰীয়াৰ এগৰাকী বিশেষ ভাৱে সক্ষম ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷ ছাত্ৰী গৰাকীৰ নাম লাভলিনা দেৱনাথ ৷
শনিবাৰে ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহীহাটৰ জুৰিয়াৰ এগৰাকী বিশেষ ভাবে সক্ষম ছাত্ৰীৰ ফলাফলত আনন্দিত হৈ পৰিছে গাওঁ বাসীৰ লগতে পৰিয়াল ৷ দৰিদ্ৰ কিম্বা শাৰীৰিক বাধাগ্ৰস্ত যে,শিক্ষাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে তাৰেই প্ৰমান কৰি দেখুৱালে ৰূপহীহাটৰ জুৰীয়াৰ লাভলিনা দেৱনাথ নামৰ বিশেষ ভাৱে সক্ষম ছাত্ৰীজনীয়ে । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে নিজৰ শাৰিৰীক বাধাগ্ৰস্তকো নেওচি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে জুৰীয়াৰ দাৰুল হুদা একাডেমী ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনৰ পৰা। নিজৰ পৰিয়ালৰ লোক তথা শিক্ষক সকলৰ অশেষ প্ৰচেষ্টাৰ ফলতেই বিশেষ ভাৱে সক্ষম লাভলিনা দেৱনাথ নামৰ ছাত্ৰী গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । ছাত্ৰী গৰাকীৰ সফলতাক লৈ ইতিমধ্যে শিক্ষক -শিক্ষয়িত্ৰীৰ লগতে বিভিন্নজনে শুভেচ্ছাৰ লগতে প্ৰশংসা জ্ঞাপন কৰিছে লাভলিনা দেৱনাথক ৷
লগতে পঢ়ক- 585 নম্বৰৰে নৱম স্থানত উজ্বলিল গোলাঘাটৰ ৰাজদ্বীপ বৰুৱা