ETV Bharat / city

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ON CAMERA উৎকোচ গ্ৰহণৰ দৃশ্য - আমছু আৰু অন্যান্য দল - সংগঠনৰ প্ৰতিবাদ

ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ সমগ্ৰ ভিডিঅ' পোহৰলৈ অহাৰ পাছতে জাঙুৰ খাই উঠিছে দল - সংগঠন ৷

ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
author img

By

Published : Sep 25, 2019, 3:41 PM IST

Updated : Sep 25, 2019, 4:23 PM IST

নগাঁও, 25 ছেপ্টেম্বৰ : দুৰ্নীতিৰ ভূ স্বৰ্গলৈ পৰিণত হৈছে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ বিভিন্ন সময়ত এই কাৰ্যালয়টোত সাধাৰণ লোকক উৎকোচৰ বাবে কৰ্মচাৰীসকলে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ সেয়েহে অতিষ্ঠ হৈ ধন দিয়াৰ সময়তে এজন লোকে গোপন কেমেৰাত বন্দী কৰি ৰাখে সমগ্ৰ দৃশ্য ৷

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ দৃশ্য বন্দী

ভিডিঅ'টোত লাট মণ্ডল এজনক পাঁচশ টকীয়া কেইবাখনো নোট আগবঢ়োৱাৰ পাছতো তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে আৰু অৱশেষত টকাখিনি নিজৰ পকেটত ভৰাই ৰাখে ৷ এই দৃশ্য পোহৰলৈ অহাৰ পাছতে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ দল - সংগঠন ৷ উৎকোচ লোৱা লাট মণ্ডলজনক নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাইছে আমছুৱে ৷

Intro: দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে ডবকাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ ধন নিদিলে একো কাম নকৰে কাৰ্যালয়ৰ লাট মণ্ডলে ৷ লাট মণ্ডলে ধন লোৱাৰ দৃশ্য বন্দী হৈছে গোপন কেমেৰাত।Body:এই দৃশ্যলৈ মন কৰক ৷ এজন লোকে কেবাখনো খমখমীয়া পাচশ টকীয়া নোট আগবঢ়াই দিছে এজন লাট মণ্ডলক ৷ প্ৰথমে সন্তুষ্ট নহয় লাট মণ্ডলজন। বিচাৰিছে আৰু অধিক টকা ৷ তাৰ পাছত এইদৰে পকেটত ভৰাইছে টকাখিনি ৷
বিভিন্ন সময়ত ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ত সাধাৰন লোকক উৎকোচৰ বাবে কৰ্মচাৰীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ বহু পুৰণি।এইবাৰ অতিষ্ঠ হৈ ধন দিয়াৰ সময়তে গোপন কেমেৰাত বন্দী কৰিছে সমগ্ৰ দৃশ্য। ভিডিঅটো পোহৰলৈ অহাৰ পাছত জাঙুৰ খাই উঠিছে ডবকাৰ দল সংগঠন ৷ ধন লোৱা লাট মণ্ডলজনক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে আমছুৱে৷

Byte:1: সাঃসম্পাদক, হোজাই জিলা আমছুConclusion:অন কেমেৰা কাৰ্য্যালয়ৰ ভিতৰতে ধন লোৱাৰ দৃশ্য পোহৰলৈ অহাৰ পিছত এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
----------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
24-9-19
Last Updated : Sep 25, 2019, 4:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.