ETV Bharat / city

স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবেই কৰ'ণাৰ গণসংক্ৰমণ : বিধায়ক নুৰুল হুদা - নুৰুল হুদা বিস্ফোৰক অভিযোগ

স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবেই ৰাজ্যত হৈছে কৰ'ণাৰ গণ সংক্ৰমণ । এই বিস্ফোৰক অভিযোগ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ । কৰ'ণা পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই হ’ম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়াকলৈও ক্ষোভ বিধায়কগৰাকীৰ । লক্ ডাউন সন্দৰ্ভত টেলিভিছন যোগে অৱগত হোৱা মন্ত্ৰীজন চৰকাৰৰ এজন গুৰুত্বহীন মন্ত্ৰী বুলিও ক’লে নুৰুল হুদাই ।

Nurul Huda Comment against State BJP govt

author img

By

Published : Jun 30, 2020, 4:38 AM IST

নগাঁও, 30 জুনঃ সোমবাৰে নগাঁৱত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । লক্ ডাউনৰ পূৰ্বেই বহিঃৰাজ্যত কৰ্মৰত লোকক অসমলৈ অনাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে লক্ ডাউনৰ পিছত অৰ্থাৎ কৰ'ণাসৃষ্ট ভয়াৱহ পৰিবেশৰ সময়তে বহিঃৰাজ্যৰ লোকক অসমলৈ আনি সংক্ৰমণ বৃদ্ধি কৰা বুলি প্ৰথম অভিযোগ উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ।

কেতবোৰ বিস্ফোৰক অভিযোগ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ

আনহাতে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন কৰিবলগীয়া লোকক কৰ'ণা পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পূৰ্বেই হ’ম কোৱাৰেণ্টাইনলৈ পঠোৱাৰ বাবেই সমাজত কৰ'ণা ভাইৰাছ বিয়পি পৰা বুলি দ্বিতীয়টো অভিযোগ দাঙি ধৰে । লগতে চৰকাৰে লক্ ডাউন দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত টোল গেট স্থাপন কৰি সাধাৰণ লোকৰ ওপৰত মাধমাৰ সোধাইছে বুলি কয় বিধায়কগৰাকীয়ে ।

উইকেণ্ড লক্ ডাউন সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয় বিধায়কগৰাকীয় কয়, সপ্তাহত পাঁচ দিন খোলা ৰাখি মাত্ৰ দুদিনৰ লক্ ডাউন দিয়াটো অৰ্থহীন ।

ইপিনে গুৱাহাটীত 14 দিনৰ বাবে লক্ ডাউন দি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাক লৈও মন্তব্য কৰে বিধায়ক নুৰুল হুদাই । এইক্ষেত্ৰত যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে লক্ ডাউন সন্দৰ্ভত টেলিভিছন যোগে অৱগত হোৱা বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে বিধায়ক নুৰুল হুদাই । লক্ ডাউন সন্দৰ্ভত যদি মন্ত্ৰীগৰাকী সঁচাই অৱগত নহয় তেন্তে চৰকাৰৰ পৰা গুৰুত্বহীন হৈ আছে অগপ মন্ত্ৰীগৰাকী বুলি কয় ।

লগতে চাওক-COVID-19: অসমৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.