ETV Bharat / city

নগাঁৱত পুনৰ ড্ৰাগছসহ আটক মহিলা

author img

By

Published : Aug 23, 2021, 1:36 PM IST

ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । পুনৰ নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী । আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে লাখ টকা মূল্যৰ ড্ৰাগছ ।

nagaon police seized drugs and arrested two drugs paddler
নগাঁৱত পুনৰ ড্ৰাগছসহ আটক মহিলা

নগাঁও, 23 আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ পৰা অপৰাধমূলক কাৰ্য দমন কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক দিছিল কঠোৰ নিৰ্দেশ ৷ এই নিৰ্দেশৰ পাচতেই আৰু অধিক তৎপৰ হৈছে অসম আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধীক ৷

ড্ৰাগছমুক্ত অসমৰ লগতে ড্ৰাগছমুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে গঠন কৰি দিছিল কেবাটাও গোট । দেওবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত কাটিমাৰিত নগাঁও আৰক্ষীৰ নাৰ্কটিক স্কোৱাড আৰু ৰাইডাৰ গ্ৰুপে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।

নগাঁও আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

এই অভিযানত আৰক্ষীয়ে এগৰাকী মহিলাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন দুই ড্ৰাগছ ব্যৱসায়ীৰ নাম ক্ৰমে ছফিকুল ইছলাম আৰু হাচিনা ইয়াছমিন । জব্দ হোৱা ড্ৰাগছৰ মূল্য প্ৰায় লাখ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: নাৰায়ণপুৰত গাঞ্জাসহ দুজনক আটক

উল্লেখ্য যে, নগাঁৱত এতিয়া একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰিছে মহিলাক । মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱত ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰা বহু মহিলাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে নগাঁও আৰক্ষীয়ে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে ইতিমধ্যে বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুকেইটা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ।

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী যথেষ্ট কঠোৰ হোৱাৰ পিছতো একাংশই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ বেহা । ড্ৰাগছৰ সাম্ৰাজ্যত পৰিণত হোৱা নগাঁৱৰ ফাঁচীৰোড নামৰ এটা অঞ্চলত মাত্ৰ দুটা দিন পূৰ্বে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল । আনকি অঞ্চলটোত চৰকাৰী ভূমি বেদখল কৰি ড্ৰাগছৰ ব্যৱসায় চলোৱা অঞ্চলটোৰ ২২ টা পৰিয়ালক উচ্ছেদ কৰিছিল জিলা প্ৰশাসনে । ড্ৰাগছ বিৰোধী অভিযান এনেদৰে অব্যাহত থাকিলে নগাঁও ড্ৰাগছ মুক্ত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: চোৰৰ ঘাটি উচ্ছেদ কৰিমগঞ্জ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.