ETV Bharat / city

ৰাজনীতিৰ নাগপাশত বন্দী 28 শ কোটি টকীয়া 'অৰুণোদয়' আঁচনিঃ দুৰ্লভ চমুৱা

author img

By

Published : Oct 7, 2020, 7:19 PM IST

অৰুণোদয় আঁচনিক লৈ নগাঁৱৰ প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ প্ৰতিক্ৰিয়া ৷ কংগ্ৰেছৰ আঁচনি সমূহৰ নাম নতুনকৈ সলনি কৰি বিজেপিয়ে গাত ৰং সানিবলৈ ইচ্ছা কৰিছে বুলি মন্তব্য প্ৰদান প্ৰাক্তন বিধায়ক গৰাকীৰ ৷ লগতে,আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱা বুলিও মন্তব্য প্ৰদান প্ৰাক্তন বিধায়ক গৰাকীৰ ৷

Nagaon Former MLA Durlab Chamua Reaction On Arundoi Scame
ৰাজনীতিৰ নাগপাশত বন্দী 28 শ কোটি টকীয়া 'অৰুণোদয়' আঁচনিঃ দুৰ্লভ চমুৱা

গুৱাহাটী, 7 অক্টোবৰ : চলিত বৰ্ষৰ 12 আগষ্টত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এখন বৃহৎ অভিলাষী আঁচনি । বিত্তমন্ত্ৰী গৰাকীয়ে 'অৰুণোদয়' নামৰ এই আঁচনিখন ঘোষণা কৰি কৈছিল যে সমগ্ৰ ভাৰতবৰ্ষতে আজিকোপতি এনে এখন আঁচনি ঘোষণা কৰা হোৱা নাই । যিখন আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ মহিলা হিতাধিকাৰীলৈ মাহিলী 830 টকাকৈ চৰকাৰে ধন আগবঢ়াব বুলি উল্লেখ কৰিছিল ।

ইতিমধ্যে, 2 অক্টোবৰৰ পৰা আঁচনিখন আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল । আঁচনিখন ঘোষণাৰ সময়তে ইয়াৰ আৰৰ উদ্দেশ্যক লৈ বহুতে সমালোচনা কৰিছিল আৰু ইয়াক নিৰ্বাচনকেন্দ্ৰিক হিতাধিকাৰী সৃষ্টিৰ এক আঁচনি বুলি আখ্যা দিছিল । কিন্তু সময় উকলাৰ লগে লগে সেই কথা যেন সত্য প্ৰমাণিত হ'ল । যিখন আঁচনিৰ বাবে বাজেটত 28 শ কোটি টকা ধাৰ্য কৰা হৈছিল সেইখন অভিলাষী আঁচনি এতিয়া ৰাজনীতিৰ মেৰপেচত বন্দী হোৱা বুলি একাংশ লোকে অভিযাগ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যৰ খেতিয়ক সকললৈ নামি আহিছে দুৰ্যোগ

যাৰফলত 2 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আঁচনিখন আৰম্ভ কৰাত ব্যৰ্থ হ'ল চৰকাৰ । ৰাজ্যৰ অধিকাংশ‌ ঠাইতে এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'বলৈ বিজেপিৰ সদস্য বা সমৰ্থক হোৱাটো একপ্ৰকাৰ অলিখিত নিয়ম হৈ পৰিছে বুলি ভুক্তভোগী ৰাইজে অভিযোগ প্ৰদান কৰিছে ।

'অৰুণোদয়' আঁচনিখনক লৈ বিজেপি দল আৰু চৰকাৰে কুটিল ৰাজনীতি, ভোটৰ ৰাজনীতি আৰম্ভ কৰিছে সেই অভিযোগ পুনৰ মুকলিকৈ উত্থাপন কৰিছে নগাঁও সমষ্টিৰ‌ প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডাঃ দুৰ্লভ চমুৱাই । কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আঁচনিকে নাম সলাই বিজেপি চৰকাৰে আৰম্ভ কৰিছে । কিন্তু এই আঁচনিত কংগ্ৰেছৰ আঁচনিতকৈ কমকৈহে ধন লাভ কৰিব হিতাধিকাৰীয়ে । ভোটৰ অংক আগত ৰাখি 'অৰুণোদয়' ক লৈ বিজেপি দল আৰু চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : হাথৰছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল 6 সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.