ETV Bharat / city

গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

চৰকাৰী নিৰ্দেশনা অনুসৰি পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতেই ৫০ শতাংশ যাত্ৰী লৈ যাত্ৰীবাহী বাহনসমূহৰ চলাচল বাধ্যতামূলক কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে বাহনৰ মালিকৰ লগতে শ্ৰমিক সকল ।

নগাঁৱত গাড়ী বন্ধ কৰি প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

author img

By

Published : Oct 1, 2020, 10:54 AM IST

নগাঁও, 1 অক্টোবৰ : চৰকাৰী এক নিৰ্দেশনাৰ পিছতেই নগাঁৱত গাড়ী বন্ধ কৰি প্ৰতিবাদত নামিল শ্ৰমিক আৰু মালিক সন্থাই । লকডাউনে বাৰুকৈয়ে জুৰুলা কৰা গাড়ীচালক আৰু মালিকসকলে চৰকাৰৰ এক নিৰ্দেশনাৰ বিৰুধিতা কৰি বৃহস্পতিবাৰে নগাঁৱত সাব্যস্ত কৰে প্ৰতিবাদ ।

ক’ভিড নিয়ম অনুসৰি 50 শতাংশ যাত্ৰী লৈ যাতায়ত কৰা কৰা বাহন সমূহে পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতকৈ অধিক পৰিমানত ভাড়া সংগ্ৰহ কৰি আহিছে যাত্ৰীৰ পৰা। ইয়াকে লৈ সচেতন যাত্ৰী সকলে উত্থাপন কৰা অভিযোগৰ ভিত্তিত চৰকাৰে জাৰি কৰে এক নিৰ্দেশনা । চৰকাৰী নিৰ্দেশনা অনুসৰি পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতেই 50 শতাংশ যাত্ৰী লৈ যাত্ৰীবাহী বাহনসমূহ চলাচল কৰিব লাগিব ৷ চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতেই জাঙুৰ খাই উঠিছে মালিক সকলৰ লগতে শ্ৰমিকসকলো ।

মটৰ মালিক সন্থাৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে নগাঁৱত বাহন বন্ধ কৰি চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মালিক আৰু শ্ৰমিক সন্থাই । চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত নগাঁৱৰ পৰা যিকোনো স্থানলৈ যাত্ৰীবাহী বাহনৰ যাতায়ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে মালিক তথা শ্ৰমিক সন্থাই ।

মটৰ শ্ৰমিক সন্থাৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক : অৱশেষত জালত পৰিল দ্বিবন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.