ETV Bharat / city

বটদ্ৰৱাৰ বজাৰত অবৈধভাৱে বিক্ৰী পৰিভ্ৰমী চৰাই - Migratory birds are selling illegally in Batadrava

নগাঁৱত অবৈধভাৱে বিক্ৰী কৰা হৈছে পৰিভ্ৰমী চৰাই ৷ 500 টকাৰ পৰা 1200 টকাত একাংশ লোকে বিক্ৰী কৰিছে চৰাইসমূহ ৷

বটদ্ৰৱাৰ বজাৰত অবৈধভাৱে বিক্ৰী পৰিভ্ৰমী চৰাই
বটদ্ৰৱাৰ বজাৰত অবৈধভাৱে বিক্ৰী পৰিভ্ৰমী চৰাই
author img

By

Published : Dec 31, 2019, 7:47 PM IST

বটদ্ৰৱা, 31 ডিচেম্বৰ : শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ জলাশয় আৰু পথাৰসমূহত পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰিছে ৷ পৰিভ্ৰমী চৰাইৰ জলকেলীৰ নান্দনিক দৃশ্যই পথচাৰীকো এক্ষন্তেক ৰ'বলৈ বাধ্য কৰিছে ৷ কিন্তু এচাম দুষ্ট চক্ৰই এই পক্ষীকুলক ধংস কৰাৰ চেষ্টা চলাই আহিছে ৷ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন স্থানলৈ অহা পৰিভ্ৰমী চৰাইবোৰ বিভিন্ন কৌশলেৰে ফান্দ পাতি ধৰি মুকলিকৈ বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীয়ে ৷ শৰালি, ধেকৰ, কাম চৰাইৰ দৰে দেশী-বিদেশী পৰিভ্ৰমী চৰাইসমূহ এনেদৰে বিক্ৰী কৰাৰ পাচতো আৰক্ষী, প্ৰশাসনৰ লগতে বিয়াগোম বন বিভাগেও নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে ৷

500 টকাৰ পৰা 1200 টকাত একাংশ লোকে বিক্ৰী কৰিছে চৰাই
500 টকাৰ পৰা 1200 টকাত একাংশ লোকে বিক্ৰী কৰিছে চৰাই

এই পৰিভ্ৰমী চৰাইবোৰক 500 টকাৰ পৰা 1200 টকাত একাংশ লোকে বিক্ৰী কৰি আহিছে যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষী নিৰৱ হৈ পৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে ৷

নগাঁৱত অবৈধভাৱে বিক্ৰী কৰা হৈছে পৰিভ্ৰমী চৰাই

আৰু পঢ়ক : নতুন সেনা প্ৰধান হিচাপে মুকুন্দ নৰাবনেৰ কাৰ্যভাৰ গ্ৰহণ

Intro:নববৰ্ষৰ উপলক্ষে বজাৰত এতিয়া উপলব্ধ বনৰীয়া দেশী-বিদেশী পৰিভ্রমী চৰাই । মুকলিকৈ বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীয়ে শৰালি, ধেকৰ, কাম চৰাই । নিৰৱ ব্যাগুম বন বিভাগ আৰু পুলিচ প্ৰশাসন ।Body:ইংৰাজী নববৰ্ষ আদৰিবলৈ আপুনি এইবাৰ কি খাব ? হাহ কুকুৰা নে বনৰীয়া চৰাই । যদি বনৰীয়া চৰাই খাই তেন্তে আহিব লাগিব বটদ্ৰৱালৈ । কাৰণ এতিয়া বটদ্ৰৱাৰ বজাৰত মুকলিকৈ বিক্ৰী হৈ আছে দেশী বিদেশী পৰিভ্রমী চৰাই । আপুনি ঠিকেই শুনিছে এই দৃশ্যলৈ মন কৰক । এই দৃশ্য বটদ্ৰৱাৰ ধনীয়াভেটী পুৱালী বজাৰ আৰু ধিঙৰ টুকটুকি বজাৰৰ । এই বজাৰ সমূহত উপলব্ধ হৈছে বনৰীয়া বিভিন্ন প্ৰজাতিৰ চৰাই । মুকলিকৈ বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীয়ে এই দেশী-বিদেশী পৰিভ্রমী চৰাই সমূহ । শীতৰ আগমনৰ লগে লগে নগাওঁ জিলাৰ পশ্চিমাঞ্চলত বিভিন্ন জলাশয় আৰু পথাৰ সমূহত আলহী পক্ষী আহিছে । কিন্তু এচাম দুষ্ট চক্র নামি পৰিছে পক্ষীকুল ধ্বংসযজ্ঞত । শৰালি , ধেকৰ, কাম চৰাইৰ দৰে দেশী-বিদেশী পৰিভ্রমী চৰাই সমূহক বিভিন্ন কৌশলেৰে ফান্দ পাতি ধৰি এনেদৰেই মুকলিকৈ বিক্ৰী কৰিছে এই সকলে অসাধু ব্যৱসায়ীয়ে বজাৰত । কিন্তু নিৰৱ আৰক্ষী, প্ৰশাসনৰ লগতে ব্যাগুম বন বিভাগ । বটদ্ৰৱাৰ পৰা দিছপুৰলৈ গিজগিজাই থকা আৰক্ষী থানাৰ নিচেই কাষতে থকা এই বজাৰত এনেদৰে মুকলিকৈ পৰিভ্রমী চৰাই ৫০০ টকাৰ পৰা ১২০০ টকাত বিক্ৰী কৰিছে যদিও কিয় নিমাত বটদ্ৰৱা আৰু ধিং আৰক্ষী । যাক লৈ জাঙুৰ খাই উঠিছে প্ৰকৃতি প্ৰেমী । এই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ৰাজ্যৰ বিয়াগোম বন বিভাগে কিবা ব্যৱস্থা গ্রহণ কৰিবনে ? নে এনেকৈ ধ্বংস কিবলৈ দিব বনৰীয়া পৰিভ্রমী চৰাই ।___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.