ETV Bharat / city

জাকে জাকে ওলাইছে বনৰীয়া হাতী; চিন্তিত কামপুৰৰ ৰাইজ

ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত হাতী মানুহৰ সংঘাত(Man elephant conflict in Assam) ৷ হাতীৰ আতংকত এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ৷ অসমৰ বিভিন্ন প্ৰান্তক সকলোতে এতিয়া হাতীৰ আতংক(Elephant terror in Assam) ৷ সমান্তৰালভাৱে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰত বন্যহস্তীৰ তাণ্ডৱ(Wild elephant menace in Barhampur) ।

man-elephant-conflict-at-barhampur
বঢ়মপুৰত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Dec 17, 2021, 1:01 PM IST

বঢ়মপুৰ, 17 ডিচেম্বৰ : হাতী-মানুহৰ সংঘাতত জৰ্জৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজ(Man Elephant conflict in Assam) ৷ কি উজনি কি নামনি বা কি মধ্য অসম, সকলোতে অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস । নগাঁৱৰ বঢ়মপুৰতো হাতী-মানুহৰ সংঘাতত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ(Man Elephant conflict at Barhampur) ৷ জনাঞ্চলত বিচৰণ কৰা হাতীয়ে পথাৰৰ শস্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত(Wild elephant spoiling crops in field) বাৰুকৈয়ে বিপাঙত পৰিছে নগাঁৱৰ কামপুৰবাসী ৷

বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে জিলাখনৰ কামপুৰ অঞ্চলত (Wild elephant menace at Kampur) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে কামপুৰবাসীয়ে ৷ বৃহস্পতিবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে তেলিয়াআটি গাঁৱৰ ক্ষীৰু মেধি নামৰ মহিলা গৰাকীৰ ঘৰ-দুৱাৰ ভাঙি থৈ যোৱাৰ লগতে ভঁৰাল ঘৰ ভাঙি যথেষ্ট পৰিমাণৰ ধান নষ্ট কৰে ।

বঢ়মপুৰত বন্যহস্তীৰ সন্ত্ৰাস

ফলত অঞ্চলটোত এক আতংকৰ সৃষ্টি হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাচতে বন বিভাগক খবৰ দিয়া হয় ৷ স্থানীয় লোকৰ পৰা খবৰ লাভ কৰাৰ পিছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত হাতীৰ জাকটো নিজে আঁতৰি যায় ৷

ইফালে শোণিতপুৰৰ ৰঙাপৰা অঞ্চল আৰু গোৱালপাৰাতো হাতী মানুহৰ সংঘাতে ধাৰণ কৰিছে(Man elephant conflict in Goalpara) ভয়ংকৰ ৰূপ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰঙাপৰাবাসীৰ লগতে গোৱালপাৰাবাসী ৷ ইতিমধ্যে গোৱালপাৰাত হাতীৰ আক্ৰমণত আহতও হৈছে এজন লোক ৷

লগতে পঢ়ক : Man elephant conflict : ৰাজ্যৰ চৌদিশে বনহস্তীৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.