ETV Bharat / city

ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন - nagaon constituency

কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত হ’বলগীয়া ভোটগণনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ লগতে, নিৰাপত্তাৰ ক্ষেত্ৰটো সষ্টম প্ৰশাসন ৷ ইয়াৰোপৰিও "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যা ৷

etv bharat
author img

By

Published : May 22, 2019, 5:38 PM IST

  • 23 মে’ত সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন ৷
  • কলিয়াবৰ বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 191 টা ৷
  • ইয়াৰে মুঠ 192 টা ইভিএমৰ হ’ব ভোট গণনা ৷
  • কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে ভোটগণনা কেন্দ্ৰ ৷
  • পুৱা সাত বজাৰ পৰা মুঠ চৈধ্যখন টেবুলত হ’ব ভোটগণনা ৷
  • ভোটগণনা কেন্দ্ৰত উপস্থিত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত, ভাৰপ্ৰাপ্ত মহকুমাধিপতি, ৮৯ নং বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্ণিং বিষয়া বিতুপন নেওগ ৷
  • প্ৰতিখন টেবুলতে থাকিব এজন পৰ্যবেক্ষক আৰু এজন সহকাৰী পৰ্যবেক্ষক আৰু সুক্ষ্ম অৱলোকনকাৰী ৷
  • নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰিটাৰ্ণিং বিষয়াৰ পৰীক্ষণৰ জৰিয়তে পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ’ব ফলাফলসমূহ ৷
  • VVPAT গণনাৰ পাচতহে প্ৰকাশ কৰা হ’ব চূড়ান্ত ফলাফল ৷
  • ইয়াৰোপৰিও, "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যা ৷
    ভোটগণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

Intro:সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা

সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ বিধান সভা সমষ্টিৰ মুঠ ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ১৯২ টা ই. ভি. এম.ৰ হ'ব ভোট গণনা

পাঁচটা ই. ভি. এম.ৰ গণনা হ'ব ভি. ভি. পেটBody:দেশত চলি থকা সাতটা পৰ্য‍্যায়ত চলি থকা সপ্তদশ লোকসভা নিৰ্বাচন আজি অন্ত পৰিল। অহা ২৩ মে' তাৰিখে আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন।
আজি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা লোকসভা নিৰ্বাচনৰ ৮৯ নং বিধান সভা সমষ্টিৰ সহকাৰী ৰিটাৰনিং বিষয়া বিতুপন নেওগে মহকুমা প্ৰশাসনে লোৱা যাৱতীয় ব‍্যৱস্থাৰ বিষয়ে ই টিভি ভাৰতক আছুতীয়াকৈ অৱগত কৰে।
মুঠ চৈধ‍্যখন টেবুলত ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰ ভোট গণনা পুৱা সাত বজাৰ পৰা আৰম্ভ হ'ব। প্ৰতিখন টেবুলতে থাকিব এজনকৈ পৰ্য‍্যবেক্ষক আৰু সহকাৰী পৰ্য‍্যবেক্ষক। লগতে থকিব সুক্ষ্ম অৱলোকনকাৰী। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সুক্ষ্ম অৱলোকনকাৰীসকল ভাৰত চৰকাৰৰ বিষয়া অথবা ভাৰত চৰকাৰৰ উপক্ৰম বা অভিকৰণৰ হ'ব লাগে। সেয়ে কলিয়াবৰ মহকুমাত বেংক বিষয়াক এই দায়িত্ব দিয়া হৈছে বুলি মহকুমাধিপতিয়ে সংবাদসেৱীসকলক অৱগত কৰে। প্ৰতি ৰাউণ্ডৰ অন্তত চৈধ‍্যখন টেবুলত লাভ কৰা ভোটৰ সংখ‍্যা ৰিটাৰনিং বিষয়াই পৰীক্ষণৰ জৰিয়তে প্ৰকাশ কৰিব লোকসভাৰ প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ‍্যা। ইতিমধ‍্যে মাননীয় উচ্চতম ন‍্যায়ালয়ৰ নিৰ্দেশ মতে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল গণনা কৰিবলৈ পাঁচটা ভোট গ্ৰহণ কেন্দ্ৰ ই ভি এমৰ। ই. ভি. এম কেইটা ভোট গণনাৰ অন্তত লটাৰী যোগে নিৰ্দ্ধাৰণ কৰা হ'ব। ভি. ভি. পেট. গণনাৰ অন্ততহে আনুষ্ঠানিকভাবে নিৰ্বাচনৰ ফলাফল কলিয়াবৰ লোকসভা আসনৰ ৰিটাৰনিং বিষয়াক অৰ্পন কৰা হ'ব। প্ৰতি ৰাউণ্ডৰ অন্তত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ‍্য "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব পৰাকৈ নিৰ্বাচন আয়োগে ব‍্যৱস্থা গ্ৰহণ কৰিছে।
Conclusion:visuals
bite of SDO (Civil) Kaliabor Sub Division
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.