ETV Bharat / city

আড়ম্বৰপূৰ্ণভাৱে উদযাপন পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি

author img

By

Published : Sep 18, 2021, 10:18 AM IST

সামৰণি পৰিল ভাদ মাহৰ ৷ কলিয়াবৰত মাংগলিক অনুষ্ঠানৰে সামৰণি মৰা হয় পবিত্ৰ ভাদ মাহৰ ৷

Holy Bhada Mah Ends at Kaliabor
আড়ম্বৰপূৰ্ণভাৱে উদযাপন সংক্ৰান্তি

কলিয়াবৰ, 18 ছেপ্তেম্বৰ : অৱশেষত সত্ৰ, নামঘৰ, কীৰ্তনগৃহত অনুষ্ঠিত মাংগলিক কাৰ্য-কলাপৰে সামৰণি পৰিল পবিত্ৰ ভাদ মাহৰ ৷ শুকুৰবাৰে আছিল ভাদ-আহিন মাহৰ দোমাহী । ভাদ মাহ প্ৰতিজন অসমীয়াৰ বাবে অতি আদৰৰ মাহ । অসমীয়া সমাজত ভাদ মাহটো অতি পবিত্ৰ আৰু ভক্তিৰ মাহ হিচাপে চিহ্নিত ।

Holy Bhada Mah Ends at Kaliabor
সামৰণি পৰিল পবিত্ৰ ভাদ মাহৰ

পবিত্ৰ এই ভাদ মাহতে মাহজোৰা নাম-প্ৰসংগ কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি আহিছে প্ৰতিগৰাকী চহা অসমীয়াই । এই ভাদ মাহতেই দুয়োজনা গুৰুৰ তিৰোভাৱ তিথিৰ লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহাপয়োভৰৰে পালন কৰা হয় । এইবেলি ভাদ মাহতে সোণাৰী-কামাখ্যা গাঁৱৰ বেজিয়া হৰিমন্দিৰত হনুমানৰ কাঠৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয় ৷

লগতে পঢ়ক : দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া কণ্ঠশিল্পী দীপলীনা ডেকাৰ

এডাল কাঠকে হনুমানৰ প্ৰতিমূৰ্তিৰ অবিকল ৰূপ দিয়া প্ৰখ্যাত খনিকৰ প্ৰদীপ হাজৰিকাই নিৰ্মাণ কৰি উলিয়াইছিল এই মূৰ্তিভাগ । উল্লেখ্য যে, অসমৰ প্ৰতিটো নামঘৰত প্ৰতিষ্ঠিত সিংহাসন অসমৰ সত্ৰীয়া শৈলীৰ কাঠশিল্পৰ ঐতিহ্য আজিও নিৰহ-নিপানি উদাহৰণ । কলিয়াবৰতো সত্ৰীয়া শৈলীৰ কাঠৰ ভাস্কৰ্য সমূহে অতীতৰে পৰা এক জনপ্ৰিয়তা অৰ্জন কৰি আহিছে ।

Holy Bhada Mah Ends at Kaliabor
আড়ম্বৰপূৰ্ণভাৱে উদযাপন সংক্ৰান্তি

আনহাতে, পবিত্ৰ ভাদ মাহৰ আৰম্ভণিৰে পৰা হৰিনাম ধ্বনিৰে বৈকুণ্ঠপুৰী হৈ পৰিছিল কলিয়াবৰৰ সত্ৰ, নামঘৰ, কীৰ্তনগৃহসমূহ । ভাদ মাহৰ অন্তিম দিনাও কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, কীৰ্তন গৃহৰ লগতে ঐতিহাসিক ১৬৭০ শকতে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰীচামগুৰি সত্ৰতো থিয়নাম ধ্বনিৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা গমেই নাপায় গজেন্দ্ৰ সিং শ্বেখাৱটে

মাহটোৰ অন্তিমটো দিনত ভকত-বৈষ্ণৱসকলে শ্ৰীশ্ৰীচামগুৰি সত্ৰত থিয়নামত অংশগ্ৰহণ কৰে ৷ ভাদ মাহৰ এক বিশেষ প্ৰণালীৰ নাম হৈছে থিয়নাম । এই থিয়নামক গতিশীলতা প্ৰদানৰ প্ৰয়াস কৰি শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ ভকত-বৈষ্ণৱসকল একত্ৰিত হৈ থিয়নাম পৰিৱেশন কৰি নেদেখাজনৰ ওচৰত আশীষ লয় ৷

Holy Bhada Mah Ends at Kaliabor
হৰিনামেৰে মুখৰিত ৰাজ্য

উল্লেখ্য যে, এসময়ত পুৰুষ সংহতিৰ সকলো সত্ৰতে প্ৰচলন থকা 'থিয়নাম' সময় বাগৰাত সত্ৰসমূহৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে । তেনেক্ষণত ঐতিহ্যমণ্ডিত কলিয়াবৰৰ মহিমামণ্ডিত চাৰিসত্ৰীয়া থুলৰ ‘গুৰুজনাৰ জীউ-ধৰা ডাল' খ্যাত শ্ৰীশ্ৰীচামগুৰি সত্ৰত সত্ৰভাগৰ ডেকা সত্ৰাধিকাৰকে প্ৰমুখ্য কৰি সত্ৰীয়াসকল আৰু ভকত-বৈষ্ণৱবৃন্দই অত্যন্ত শ্ৰদ্ধাৰে জীয়াই ৰাখিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.