ETV Bharat / city

চৰকাৰৰ বিদ‍্যালয় প্ৰাদেশিকীকৰণ আইনৰ বিৰোধিতা হাইস্কুল শিক্ষক সংস্থাৰ - শিক্ষা বিভাগৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া

ৰাজ‍্য চৰকাৰৰ নতুন বিদ‍্যালয় প্ৰাদেশিকীকৰণ আইনৰ বিৰোধিতা অসম হাইস্কুল শিক্ষক সংস্থাৰ ৷ বিভিন্ন দাবী পুৰণৰ দাবীৰে অসম হাইস্কুল শিক্ষক সংস্থাৰ সংবাদমেল ৷ অন‍্যথা গণতান্ত্ৰিক আন্দোলনৰ সকিয়নি ৷

বিদ‍্যালয় প্ৰাদেশিকীকৰণ আইনৰ বিৰোধিতা হাইস্কুল শিক্ষক সংস্থাৰ

author img

By

Published : Aug 27, 2020, 1:56 AM IST

Updated : Jun 28, 2022, 3:18 PM IST

কলিয়াবৰ, 26 আগষ্ট : অসম হাইস্কুল শিক্ষক সংস্থাই বৰ্তমান শিক্ষা বিভাগৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া আৰু নতুন শিক্ষা নীতিক লৈ তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে চৰকাৰৰ বিৰুদ্ধে । 2013বৰ্ষৰ 13জানুৱাৰীত www.madhyamik.in ত প্ৰকাশিত সমূহ বিদ্যালয়,শিক্ষক-কৰ্মচাৰীৰ পদসমূহ চৰ্তবিহীনভাৱে প্ৰাদেশীকৰণৰ দাবী জনায় শিক্ষক সংস্থাটোৱে ।

অসমৰ সামাজিক শিক্ষা খণ্ডত স্বাধীনোত্তৰ অসমৰ শিক্ষানুষ্ঠানসমূহত দশক-দশক ধৰি বিনা পাৰিশ্ৰমিকেৰে নিঃস্বাৰ্থভাৱে সামাজিক দায়িত্ব পালন কৰি অহা শিক্ষকসকলৰ ভূমিকাক এক প্ৰকাৰ নস‍্যাৎ কৰিছে চৰকাৰে । নতুন প্ৰাদেশিকীকৰণ আইনখনৰ জৰিয়তে নব্বৈ শতাংশ শিক্ষক-কৰ্মচাৰীৰে পৰিপন্থী বুলি মত প্ৰকাশ কৰে সংস্থাটোৱে । নিত‍্য নতুন নীতি আৰু চৰ্ত আৰোপ কৰি শিক্ষক জীৱনৰ প্ৰায় শেষ পৰ্য‍্যায়ত উপনীত হোৱা শিক্ষক-কৰ্মচাৰীসকলক বিপদত পেলোৱা কাৰ্য‍্যৰ তীব্ৰ নিন্দা কৰে অসম হাইস্কুল শিক্ষক সংস্থাই ।

বিদ‍্যালয় প্ৰাদেশিকীকৰণ আইনৰ বিৰোধিতা হাইস্কুল শিক্ষক সংস্থাৰ

2001ৰ পৰা নিৰ্ধাৰিত দৰমহাত কৰ্মৰত 523গৰাকী শিক্ষকক নিয়মীয়াকৰণ,2013বৰ্ষত প্ৰাদেশীকৃত আৰু 2015ৰ আগতে নিযুক্তপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক 1969ৰ সেৱাবিধি মতে পেঞ্চনৰ ব্যৱস্থা,বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণ,স্নাতক সহকাৰী শিক্ষকসকলৰ পে-বেণ্ড তৃতীয়লৈ উন্নীতকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি সমাধানৰ আহ্বান জনায় ।

সংস্থাই এইসমূহ সমস্যা সমাধান নহ'লে ধুবুৰীৰ পৰা শদিয়ালৈ তীব্ৰ আন্দালন গঢ়ি তোলা হ'ব বুলি চৰকাৰক সকিয়াই দিয়ে । আনহাতে,ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতিৰ জৰিয়তে ৰাজ‍্যৰ অসমীয়া মাধ‍্যমৰ বিদ‍্যালয়সমূহক যথেষ্ট বিপদত পেলাব বুলি ক্ষোভ প্ৰকাশ কৰে সংস্থাৰ শিক্ষকসকলে ।

বুধবাৰে অসম হাইস্কুল শিক্ষক সন্থাৰ বৰ্দ্ধিত কৰ্ণধাৰ সমিতিৰ সভা অনুষ্ঠিত হয় কলিয়াবৰৰ শিশু বিদ্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত । অসমৰ হাইস্কুল আৰু শিক্ষকসকলৰ বিভিন্ন বিষয়ৰ আলোচনাৰ অন্তত সংস্থাৰ সভাপতি আৰু সম্পাদকসহ বিষয়-ববীয়াসকলে সংবাদ মাধ‍্যমৰ আগত বিদ‍্যালয় আৰু শিক্ষকসকলৰ বিভিন্ন সমস‍্যা আৰু তাৰ দুৰীকৰণৰ ওপৰত লোৱা বিভিন্ন সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । লগতে ৰাজ‍্যৰ শিক্ষা মন্ত্ৰীয়ে বিষয়বোৰৰ ওপৰত আন্তৰিকতাৰে গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : নগাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ সংবাদ মেল

Last Updated : Jun 28, 2022, 3:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.