ETV Bharat / city

ৰহাত ফ’ৰলেন হাইৱে গুচি হ'ল মৰণ ফান্দ : নিদ্ৰাৰত ঘাইপথ প্ৰাধিকৰণ - chances of accident

ৰহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে বৃহৎ আকাৰ গাঁতৰ । বিপদসংকুলভাৱে চলিছে যাতায়ত । গাঁতত পৰি চকা পৰ্যন্ত ভাঙি গৈছে বহু গাড়ীৰ । অকস্মাত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ।

ৰহাত ফৰলেন হাইৱে গুচি হ'ল মৰণ ফান্দ
author img

By

Published : Jul 27, 2019, 2:11 PM IST

ৰহা, ২৭ জুলাই : মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ উজনি পৰা-নামনি লৈকে যোগাযোগৰ থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । নগাঁৱৰ ৰহাৰ ওচৰৰ 4 লেনযুক্ত পথটোৰ মাজভাগত এতিয়া ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ গাঁতৰ । ৰহাৰ টোল গেটৰ দক্ষিণ দিশত বৰ্তমান বিধ্বস্ত হৈ পৰিছে ঘাইপথটো । টোলগেটত পথ কৰ সংগ্ৰহৰ বাবে বাৰে বাৰে চেষ্টা কৰি বিফল হোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত অতি নিৰ্লিপ্ত ভূমিকা লোৱা দেখা গৈছে । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে টোলগেটৰ উত্তৰ দিশৰ পথটো মেৰামতি কৰাৰ নামত বন্ধ কৰি দিয়া হৈছিল কিন্তু বৰ্তমান ঘাইপথটোৰ দক্ষিণ দিশটোও সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰিছে ।

ৰহাত ফ’ৰলেন হাইৱে গুচি হ'ল মৰণ ফান্দ : নিদ্ৰাত ঘাইপথ প্ৰাধিকৰণ

স্থানীয় লোক তথা একাংশ যাত্ৰীৰ অভিযোগ যে এই প্ৰকাণ্ড গাঁত সমূহত পৰি ইতিপূৰ্বেও বহুকেইখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ উপৰিও গাড়ীৰ চকা পৰ্যন্ত ভাগি দুৰ্ঘটনা সংঘটিত হৈছে । দৈনিক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ হাজাৰ বাহনে চলাচল কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই বিপদজনক অৱস্থাৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এতিয়ালৈকে কিয় কোনো ধৰণৰ পদক্ষেপ লোৱা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় এই পথেদি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰা ৰাজ্যৰ বৰ-বৰ মন্ত্ৰী-বিধায়ক তথা আমোলা-বিষয়াৰো চকুত পৰা নাই নেকি ঘাইপথটোৰ এই অৱস্থা । ৰাইজৰ এতিয়া অপেক্ষা মাথো সংশ্লিষ্ট কৰ্তৃপক্ষৰ চকুত পৰালৈ ।

Intro:ৰাজ্যৰ এটি অতি ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰণ ফান্দ ! কাণসাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। Etv ভাৰত / অসম ৰ এক প্ৰতিবেদন ।Body: আপুনি হয়টো বেয়া ৰাস্তা বা পথ বহু দেখিছে।কিন্তু আজি আমি এটি পথ দেখুৱাম ,যিটো পথ দেখিলে আপুনিও চিন্তিত হ'ব যে কেনেদৰে অহা যোৱা কৰিছে যান-বাহন সমূহ।

হয়, এই পথটোলৈ ভালদৰে মন কৰক। এই পথটো কোনো গাঁৱলীয়া অথবা ৰাজ্যিক গড়কাপ্তানী বিভাগৰ পথ নহয়। স্বয়ং ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হোৱা গাঁতহে। হয়, এই দৃশ্য নগাঁও জিলাৰ ৰহা টোলগেটৰ সমীপত ফ'ৰলেন হাইৱেৰ । যিটো সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে চাৰিশাখাযুক্ত ঘাইপথ নিৰ্মাণ কৰি যান-বাহন তথা যাত্ৰী সকলক সুবিধা আদি প্ৰদান নকৰাকৈ ৰহাৰ টোলগেটত পথ কৰ সংগ্ৰহৰ বাবে বাৰে বাৰে চেষ্টা চলাই বিফল হৈছিল, ইয়াৰ পিছতেই ৰহাৰ টোলগেটত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। এই দৃশ্যকেইটালে ভালদৰে মন কৰক। এইখন ৰহাৰ টোলগেট আৰু এই টোলগেটৰ দক্ষিণ দিশৰ পথ এইটো। আজি কিছুদিনৰ আগতে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে টোলগেটৰ উত্তৰ দিশৰ পথটো বন্ধ কৰি দিয়াৰ পিছত বৰ্তমান দক্ষিণ দিশৰ পথ টোৰ অৱস্থা চাওক। কিদৰে সকলো যান-বাহন চলাচল কৰিছে পথৰ গাঁতৰ ওপৰেদি। স্থানীয়লোক তথা একাংশ যাত্ৰীৰ অভিযোগ মতে এই প্ৰকাণ্ড গাঁতত পৰি ইতিপূৰ্বে বহুকেইখন বাহন দূৰ্ঘটনাত পতিত হোৱাৰ লগতে গাড়ীৰ চকা পৰ্যন্তও ভাগি গৈছে। দৈনিক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ হাজাৰ বাহনে চলাচল কৰা ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথটোৰ এই বিপদজনক তথা দুৰৱস্থা বৰ্তমানলৈকে চকুত পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। প্ৰশ্ন হয়, দৈনিক এই পথেদি অহা যোৱা কৰা ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, আমোলা-বিষয়াৰো চকুত পৰা নাইনে ??

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.