ETV Bharat / city

নগাঁও মহাবিদ্যালয়ত বিনামূলীয়া হেণ্ড ছেনিটাইজাৰ বিতৰণ

নগাঁও মহাবিদ্যালয়ত বিনামূলীয়া হেণ্ড ছেনিটাইজাৰ বিতৰণ ৷ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ এই পদক্ষেপ গ্ৰহণ ৷

author img

By

Published : Mar 18, 2020, 1:59 PM IST

Updated : Mar 18, 2020, 3:55 PM IST

নগাঁও মহাবিদ্যালয়
হেণ্ড ছেনিটাইজাৰ বিতৰণ

নগাঁও,18 মাৰ্চ : সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে প্ৰায় 7,500 লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে নগাঁও মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ বজাৰত বীজাণুনাশক হেণ্ড ছেনিটাইজাৰৰ নাটনিৰ সময়তে নগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে বিতৰণ কৰিছে বিনামূলীয়া হেণ্ড ছেনিটাইজাৰ ৷

হেণ্ড ছেনিটাইজাৰ বিতৰণ

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ তৎপৰতাত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত আৰু ৰসায়নিক সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়াইছে বিনামূলীয়া বীজাণুনাশক হেণ্ড ছেনিটাইজাৰ। মঙলবাৰৰ পৰা এই হেণ্ড ছেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

কৰ'ণা ভাইৰাছক লৈ আতংকিত হোৱাৰ বিপৰীতে সকলোকে সজাগ হ'বলৈও আহ্বান জনায় নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে । সকলোকে মহাবিদ্যালয়ৰ পৰা বিনামূলীয়াকৈ হেণ্ড ছেনিটাইজাৰ সংগ্ৰহ কৰি ব্যৱহাৰ কৰিবলৈও আহ্বান জনায় মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলে ৷

আৰু পঢ়ক : অসমৰ ভূমিত অৰুণাচলীৰ দৌৰাত্ম : জ্বলাই দিলে কাৰ্যালয়

Last Updated : Mar 18, 2020, 3:55 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.