নগাঁও, 11 জুলাই: শুক্ৰবাৰে নিশা নগাঁও বিএছএনএলৰ মুখ্য নিয়ন্ত্ৰণ কক্ষত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত নিয়ন্ত্ৰণ কক্ষটোত থকা বহু যন্ত্ৰাংশ জাহ যোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰও ভস্মীভূত হয় । অগ্নিকাণ্ডৰ ফলত নিশাৰ পৰা বিএছএনএলৰ সেৱা স্তব্ধ হৈ পৰে ৷ অৱশ্যে শনিবাৰৰ দুপৰীয়াৰ পৰা পুনৰ সেৱা আৰম্ভ কৰিবলৈ সক্ষম হয় বিএছএনএল কৰ্তৃপক্ষই । প্ৰায় 12 ঘণ্টা স্তব্ধ হৈ আছিল বিএছএনএলৰ সেৱা ।
বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰ সঠিক ভাৱে জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।
লগতে চাওক-অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)