ETV Bharat / city

কলিয়াবৰত দ‍্য কৰবেট্ ফাউণ্ডেশ‍্যনৰ কৃষকলৈ সাহায‍্য - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া চিকনি চাহ-বাগিছা

এই অঞ্চলত ১০০ ঘৰ কৃষক পৰিয়ালে বছৰি প্ৰায় ২০০০ হাজাৰ বিঘা মাটিত খেতি কৰি আহিছিল । কিন্তু সম্প্ৰতি অঞ্চলটোত দিনক-দিনে বৃদ্ধি পোৱা হাতী-মানুহৰ ভয়ংকৰ সংঘাতে চিন্তিত কৰি তুলিছিল কৃষক ৰাইজক ।

কলিয়াবৰত দ‍্য কৰবেট্ ফাউণ্ডেশ‍্যনৰ কৃষকলৈ সাহায‍্য

author img

By

Published : Aug 20, 2020, 1:43 AM IST

কলিয়াবৰ, 19 আগষ্ট : কলিয়াবৰত হাতী-মানুহৰ সংঘাতৰ পীড়িতলৈ সাহায‍্য প্ৰদান কৰে এটা বেচৰকাৰী সংস্থাই ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যেৰে 'দ্য কৰবেট ফাউণ্ডেশ্যন', নামৰ বেচৰকাৰী সংগঠনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া তেঁতুলগুৰি আৰু চিকনি চাহ-বাগিছাৰ কৃষক ৰাইজৰ মাজত টঙী নিৰ্মাণৰ সামগ্ৰীৰ লগতে কৃষক ৰাইজক উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক টৰ্চলাইট প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, এই অঞ্চলত ১০০ ঘৰ কৃষক পৰিয়ালে বছৰি প্ৰায় ২০০০ হাজাৰ বিঘা মাটিত খেতি কৰি আহিছিল । কিন্তু সম্প্ৰতি অঞ্চলটোত দিনক-দিনে বৃদ্ধি পোৱা হাতী-মানুহৰ ভয়ংকৰ সংঘাতে চিন্তিত কৰি তুলিছিল কৃষক ৰাইজক । নিজৰ খেতিডৰাৰ ফচল ৰক্ষা কৰাৰ উদ্দেশ্যে কৃষক ৰাইজে এনেদৰে এতিয়া টঙী ঘৰ নিৰ্মাণ কৰি দিনে-নিশা পহৰা দিয়াৰ ব্যৱস্থা কৰিছে ।

কলিয়াবৰত দ‍্য কৰবেট্ ফাউণ্ডেশ‍্যনৰ কৃষকলৈ সাহায‍্য
কলিয়াবৰত দ‍্য কৰবেট্ ফাউণ্ডেশ‍্যনৰ কৃষকলৈ সাহায‍্য

এই ক্ষেত্ৰত কাজিৰঙাৰ অন্যতম বেচৰকাৰী সংস্থা 'দ্যা কৰবেট্ ফাউণ্ডেশ্যনে' কৃষক ৰাইজক যোগান ধৰিছে টিনপাত আৰু উচ্চ ক্ষমতা সম্পন্ন অত্যাধুনিক টৰ্চলাইট । যাৰ ফলত এতিয়াৰে পৰা এইসকল কৃষকে নিজৰ খেতিডৰা ৰক্ষা কৰি ফচল উৎপাদন কৰাত যথেষ্ট উপকৃত হ'ব ৷

লগতে পঢ়ক : মই কিন্তু হাতী এৰি নিদিওঁ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.