ETV Bharat / city

কঠালগুৰিত বনাঞ্চলৰ এৰি জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰব

author img

By

Published : Sep 4, 2021, 6:56 PM IST

ৰাজ্যত দিনক দিনে বৃদ্ধিপাবলৈ ধৰিছে বন্যহস্তীৰ উপদ্ৰব ৷ শুকুৰবাৰে নিশাৰ কঠালগুৰিৰ সমীপৱৰ্তী তথা বঢ়মপুৰ সমষ্টিৰ অৰ্ন্তগত লুংচুং চাহ বাগানৰ 12 নম্বৰ লাইনত এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰে ৷

কঠালগুৰিত বনাঞ্চলৰ এৰি জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰব
কঠালগুৰিত বনাঞ্চলৰ এৰি জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰব

চামগুৰি, 4 ছেপ্তেম্বৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত ৷ বনাঞ্চলত জীৱ শ্ৰেষ্ঠ মানুহে কৰা ধ্বংসলীলা কৰাৰ ফলত তীব্ৰ খাদ্য সংকটত ভূগি জনাঞ্চললৈ ওলাই আহিবলৈ লৈছে বন্যহস্তী ৷ জনাঞ্চললৈ ওলাই আহিয়েই বন্যহস্তীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ৷ বহুলোকৰ ঘৰদুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বহু লোকৰ প্ৰাণো লৈছে বন্যহস্তীয়ে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চামগুৰিৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিনৰ পৰা বন্যহস্তীয়ে উপদ্ৰব চলাই আহিছে ৷ নিশা হ’লেই বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত উপদ্ৰব চলাই ৷ খেতি পথাৰ বিনষ্ট কৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি আতংকিত কৰি তুলিছে ৷

লগতে পঢ়কঃ ৰাজ্য চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্য খণ্ডত ১,৯৪১ টা পদত নিযুক্তি : কেশৱ মহন্ত

তাৰ মাজতে শুকুৰবাৰে নিশা কঠালগুৰিৰ সমীপৱৰ্তী তথা বঢ়মপুৰ সমষ্টিৰ অৰ্ন্তগত লুংচুং চাহ বাগানৰ 12 নম্বৰ লাইনত এটা বন্য হস্তীয়ে প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰে ৷ জানিব পৰা মতে, খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীটোৱে নিশা প্ৰায় 12 বজাত কমল মুড়া নামৰ লোকজনৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভড়ালৰ ধান খাই তহিলং কৰে ৷

একেদৰে সেই একেখন গাঁৱৰে বিৰেণ মুড়া নামৰ ব্যক্তি গৰাকীৰ বাসগৃহতো উপদ্ৰব চলাই ৷ আনহাতে সমগ্ৰ ঘটনাৰ বিষয়ে বন বিভাগক অৱগত কৰাৰ পাচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়ে ৷

লগতে পঢ়কঃ শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিছনৰ অধীনত 500 বিঘা ভূমিত নেমু খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.