নগাঁও, 26 আগষ্ট : নগাঁৱৰ নেহেৰুৱালীত কৰ'ণা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাতে হঠাৎ ঢলি পৰে এগৰাকী কৰ'ণা যোদ্ধা । বুধবাৰে সন্ধিয়া কৰ্তব্য পালন কৰা অৱস্থাতেই হঠাৎ অসুস্থ হৈ ঢলি পৰে লেবেৰেটৰী টেকনেছিয়ান ৰসৰাম শইকীয়া । সন্ধিয়া অসুস্থ হৈ পৰা কৰ'ণা যোদ্ধা ৰসৰাম শইকীয়া নামৰ চিকিৎসা কৰ্মীজন অসুস্থ হৈ পৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় নেহেৰুৱালীৰ কোভিড পৰীক্ষা কেন্দ্ৰত । পিছত সতীৰ্থৰ সহযোগত চিকিৎসা কৰ্মীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । সম্প্ৰতি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে ৰসৰাম শইকীয়া ।
নমুনা সংগ্ৰহ কৰি থাকোতেই ঢলি পৰিল কৰ'ণা যোদ্ধা
কৰ'ণা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰি থাকোতেই ঢলি পৰিল কৰ'ণা যোদ্ধা । নগাঁৱৰ নেহেৰুৱালীত কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ পৰে লেবেৰেটৰী টেকনেছিয়ান ৰসৰাম শইকীয়া ।