ETV Bharat / city

ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন - বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস

সোমবাৰে ৰাজ্যজুৰি প্ৰধান বিৰোধী দল কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে পালন কৰে প্ৰতাৰণা দিৱস প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ বঙাইগাঁওকে ধৰি বিশ্বনাথ, নগাঁও, কলিয়াবৰ, নাজিৰাতো ব্যাপক প্ৰতিবাদ ৷

CONGRESS PROTARANA DIVAS
CONGRESS PROTARANA DIVAS CONGRESS PROTARANA DIVAS
author img

By

Published : Aug 4, 2020, 3:14 AM IST

নিউজ ডেস্ক, 4 আগষ্ট: নিৰ্বাচনৰ সময়ত বিজেপিয়ে ভিজন ডকুমেন্টত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ কংগ্ৰেছৰ । যাৰ বাবে সোমবাৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত উদযাপন কৰা হয় প্ৰতাৰণা দিৱস । এই প্ৰতিবাদী কাৰ্যসূচিত কংগ্ৰেছৰ জিলা সভাপতি প্ৰদীপ লোধ ৰায়, ডাংতল ব্লক সভাপতি ধ্ৰুপদ কুমাৰ বৰুৱা, বঙাইগাঁও মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী স্বয়িতা মণ্ডল, বঙাইগাঁও বিধান সভা কমিটী যুৱ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি প্ৰসন্ন বৰুৱা, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক বীৰ কুমাৰ অধিকাৰীকে আদি কৰি বহু কেইজন লোক উপস্থিত থাকে ।

কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন
কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন

বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগতো চাৰিটাকৈ ব্লক কংগ্ৰেছৰ সহযোগত পালন কৰা হয় প্ৰতাৰণা দিৱস ৷ কংগ্ৰেছৰ প্ৰায় পাঁচ শতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব মূৰ্দাবাদ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰক, ভুৱা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক আদি শ্ল’গানেৰে বিশ্বনাথৰ আকাশ বতাহ উত্তাল কৰি তোলে। বিগত বানৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী নীতেন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছী সকলে । লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰ’ণা আৰু বানক লৈ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । লগতে ৰাইজে প্ৰতাৰক বিজেপি চৰকাৰক 2021 চনৰ বিধানসভা নিৰ্বাচনত ক্ষমতাচ্যুত কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতৃত্বই ।

ৰাজ্যজুৰি পালন প্ৰতাৰণা দিৱস
ৰাজ্যজুৰি পালন প্ৰতাৰণা দিৱস

আনহাতে নগাঁৱতো ব্যাপক ভাৱে দেখা পোৱা যায় কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ কাৰ্যসূচী ৷ নগাঁও পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়িত হোৱা এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বানৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰে । হাতে হাতে প্লে-কাৰ্ড লৈ কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । নগাঁও পৌৰ ব্লক কংগ্ৰেছৰ এই কাৰ্যসূচীত প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাৰ লগতে অন্যান্য নেতা-কৰ্মীসকলো উপস্থিত থাকে ।

কলিয়াবৰতো একেই দৃশ্য ৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে ৰাজপথত অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ কলিয়াবৰত প্ৰতাৰণা দিৱস উপলক্ষ্য সোমবাৰে কলিয়াবৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কিষাণ কংগ্ৰেছৰ অধ‍্যক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ, কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা, পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি কৈলাশ দাস, কলিয়াবৰ যুৱ কংগ্ৰেছৰ সভাপতি ইমৰাণ হুছেইন প্ৰমুখ‍্যে কংগ্ৰেছ নেতা-কৰ্মীয়ে ।

ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰু নাজিৰাতো কংগ্ৰেছ দলে পালন কৰিলে প্ৰতাৰণা দিৱস ৷ বহু প্ৰতিশ্ৰুতি লৈ শাসনলৈ অহা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ প্ৰতিবাদতে সমগ ৰাজ্যতে কংগ্ৰেছ দলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, ব্ৰহ্মপুত্ৰ খনন, NRC উন্নিতকৰণ আদিকে ধৰি বহু কেইটা প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ প্ৰতিবাদত শিমলুগুৰি আৰু নাজিৰা নগৰৰ মাজমজিয়াত কংগ্ৰেছ কৰ্মী সকলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ৷

লগতে চাওক-শোণিতপুৰত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 1565 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.