ETV Bharat / city

'কলং কলা কেন্দ্ৰ' ত সংৰক্ষিত হৈ আছে ড৹ ভূপেন হাজৰিকা স্মৃতি বিজড়িত বহু কেইপদ সমল - কলং কলা কেন্দ্ৰ

পুৰণিগুদামৰ একমাত্ৰ ঐতিহ্যপূৰ্ণ সংগ্ৰহালয় "কলং কলা কেন্দ্ৰ" ত ভাৰত ৰত্ন হাজৰিকা দেৱৰ ওপজা দিৱস উদযাপন ৷

'কলং কলা কেন্দ্ৰ' ত সংৰক্ষিত হৈ আছে ড৹ ভূপেন হাজৰিকা স্মৃতি বিজড়িত বহু কেইপদ সমল

author img

By

Published : Sep 8, 2021, 6:20 PM IST

চামগুৰি, 8 ছেপ্তেম্বৰ : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদাম বাসীয়েও এই বিশেষ দিনটো পুৱাৰে পৰা অতি উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে ।

পুৰণিগুদামৰ একমাত্ৰ ঐতিহ্যপূৰ্ণ সংগ্ৰহালয় "কলং কলা কেন্দ্ৰ"টো ভাৰত ৰত্ন হাজৰিকা দেৱৰ ওপজা দিনটো কাহিলী পুৱাৰে পৰা বিশেষ কাৰ্যসূচীৰ মাজেৰে অনুষ্টুপীয়াকৈ উদযাপন কৰিছে স্বতাধিকাৰী চিত্তৰঞ্জন বৰাই ।

'কলং কলা কেন্দ্ৰ' ত সংৰক্ষিত হৈ আছে ড৹ ভূপেন হাজৰিকা স্মৃতি বিজড়িত বহু কেইপদ সমল

কাৰণ এই বিশেষ সংগ্ৰহালয়টোতে সংৰক্ষিত হৈ আছে অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা স্মৃতি বিজড়িত বহু কেইপদ সমল । তাৰ ভিতৰত অন্যতম হৈছে হাজৰিকা দেৱৰ জীৱিত কালতে কুমাৰ মাটিত ওপৰত আহৰণ কৰা স্বাক্ষৰ সম্বলিত পদচিহ্ন ।

লগতে পঢ়কঃ বনকৰা কিশোৰী হত্যাৰ অভিযুক্ত আৰক্ষী দম্পতীক চাকৰিৰ পৰা বৰ্খাস্তৰ দাবী

উল্লেখযোগ্য যে, ২০০৩ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনা বিশেষ কাৰণত ড৹ ভূপেন হাজৰিকা ভাতৃসহ গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থকাৰ পথত পুৰণিগুদাম স্থিত সংগ্ৰহালয়টি পৰিদৰ্শন কৰিছিল ৷ বিদায় লোৱাৰ পৰত চিত্তৰঞ্জন বৰাৰ অনুৰোধ মৰ্মে কেঁচা কুমাৰ মাটিৰ ওপৰত প্ৰদান কৰিছিল তেখেতৰ সজীৱ পদচিহ্ন আৰু হস্তাক্ষৰ ।

সম্ভৱতঃ এইয়াই আছিল ভূপেন হাজৰিকাৰ জীৱিতকালতে মাটিৰ ওপৰত আহৰণ কৰা অসমৰ অন্যতম পদচিহ্ন ! যি পদচিহ্নকে মূল সমল হিচাপে গ্ৰহণ কৰি কলং কলা কেন্দ্ৰত প্ৰতিবছৰে হাজৰিকা দেৱৰ জন্ম আৰু মৃত্যু তিথিত ধূপ-দীপ-পুষ্প আগবঢ়াই নিবেদন কৰা হয় শ্ৰদ্ধাঞ্জলি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.