ETV Bharat / city

বিহুত ছুটী লোৱাৰ বাবে কৰ্মচাৰীক দুৰ্ব্যৱহাৰ বহিৰাগত কোম্পানীৰ বিষয়াৰ

author img

By

Published : Apr 19, 2022, 6:29 PM IST

অসমীয়াৰ বাপতি সাহোন বিহু উদযাপন কৰিবলৈ ছুটী লোৱাৰ বাবেই কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰিলে এটা ব্যক্তিগত কোম্পানীৰ তিনি বিষয়াই ৷ ফলত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷

berger-company-misbehave-with-emplyees-for-taking-leave-in-bihu
বিহুত ছুটী লোৱাৰ বাবে কৰ্মচাৰীয়ে পালে দুৰ্বৱহাৰ

কলিয়াবৰ, 19 এপ্ৰিল : সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই গাইছিল "আজিৰ অসমীয়া ই নিজক নবচালে, অসমতে মগনীয়া হ’ব" ৷ এই ঘটনাৰ উদাহৰণ পোৱা গ'ল নগাঁৱত ৷ অসমীয়াৰ বাপতি সাহোন বিহুত ছুটী লোৱাৰ বাবেই কলিয়াবৰৰ নলতলিস্থিত বাৰ্জাৰ কোম্পানীৰ (Berger Company at Kaliabor) কেইবাজনো কৰ্মচাৰীয়ে পালে কোম্পানীটোৰ তৰফৰ পৰা দুৰ্ব্যৱহাৰ (Berger Company misbehave with employees ) ৷

এইবাৰ ব’হাগ বিহুৰ দিনা কৰ্মচাৰীকেইজন উপস্থিত নথকাক কেন্দ্ৰ কৰি নলতলিত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ এইবাৰ অসমীয়াৰ হেঁপাহৰ বিহুটিক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে কলিয়াবৰৰ এটা কোম্পানীয়ে । জানিব পৰা মতে, বিহুৰ দিনা কৰ্মস্থলীত উপস্থিত নথকাৰ বাবে কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰিলে কোম্পানীটোৰ তিনি বিষয়াই ৷

উপায়ন্তৰ হৈ কৰ্মচাৰী কেইজনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ লগত যোগাযোগ কৰে ৷ পৰৱৰ্তী সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে (Tense situation at Kaliabor) ৷

জাতীয় উৎসৱ বিহুক অপমান কৰা তিনি বিষয়াক বৰ্খাস্ত কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ইতিমধ্যে চুলুং তহলদাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ উল্লেখ্য যে, পূৰ্বেও কোম্পানীটোৰ বিৰুদ্ধে কৰ্মচাৰী আৰু কৰ্মীক দুৰ্বৱহাৰ কৰাৰ বহু অভিযোগ আছে ৷

লগতে পঢ়ক: দেশত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত শিশুৰ হাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.