নগাঁও,13 এপ্ৰিল: চাওঁতে চাওঁতে পদূলি মুখ পালেহি অসমীয়াৰ বাপতি সাহোন হেপাহৰ ৰঙালী বিহুটি। কাইলৈ গৰু বিহু, অপাৰ আনন্দ-উল্লাসে ভৰি পৰিছে প্ৰতিজন অসমীয়াৰে মন-প্ৰাণ। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ চামগুৰি আৰু পুৰণিগুদামো।
উল্লেখ্য যে, নগাঁও জিলাৰ জলাহ গাঁৱত "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ উদ্যোগত তথা লোকবাদ্য শিল্পী ৰাজু শইকীয়াৰ নেতৃত্বত এখন বিহু কৰ্মশালাৰ অনুষ্ঠিত হয় ৷ উক্ত কৰ্মশালাত জিলা খনৰ প্ৰায় শতাধিক শিশু, কিশোৰ-কিশোৰীয়ে এই বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালাত অংশগ্ৰহণ কৰে ৷
ইফালে ৰঙালী বিহুৰ উৰুকাৰ দিনটোতে কৰ্মশালা খনৰ চুড়ান্ত আখৰা অনুষ্ঠিত হয়। অন্তিম দিন তথা শেষ কাৰ্যসূচী হিচাপে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়েই ঢোল-পেঁপাৰচেৱে চেৱে নাচি বাগি ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে ৷
ইফালে পহিলা বহাগৰ দিনটোৰ পৰাই "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ উদ্যোগত অনুষ্ঠিত হোৱা অসমৰ প্ৰথমখন "শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ"ৰ কাৰ্যসূচী আৰম্ভ হ'ব। উল্লেখ্য যে, শেহতীয়াকৈ প্ৰশাসনে ধাৰ্য কৰি দিয়া সকলোবোৰ ক'ভিড প্ৰট'কল মানি বাটৰ বিহু কাৰ্য্যসূচী উদযাপন কৰা হ'ব বুলি সদৰি কৰিছে বিহু সমিতিৰ বিষয়ববীয়া সকলে।
লগতে পঢ়ক-ঐতিহাসিক কদৈ বিলত সমূহীয়া মৎস্য চিকাৰ