ETV Bharat / city

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

author img

By

Published : Apr 5, 2022, 3:45 PM IST

মঙলবাৰে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest against price hike) ।

asom-jatiyatabidi-yuba-chatra-parishad-protest-against-price-hike-in-nagaon
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

নগাঁও, 5 এপ্ৰিল: প্ৰত্যেক দিনাই পৰিৱৰ্তনৰ কথা কোৱা এইখন চৰকাৰৰ দিনতে পুনৰ ৰাজপথত আৰম্ভ হ'ল মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ । মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত সম্প্ৰতি নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ লগতে ঔষধৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰি তুলিছে সাধাৰণ ৰাইজক (Petrol price hike in Assam) ।

যাৰ ফলত ক্ষোভিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন ৷ মঙলবাৰে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest against price hike) ।

বিজেপি চৰকাৰৰ বিৰুদ্ধে হাতে হাতে প্লে' কাৰ্ড লৈ বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ বৰ্তমানৰ চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ।

লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ে অসমত কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাই । লগতে দৈনিক হৈ থকা মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক : সাৱধান নগাঁওবাসী; চকুৰ পলকতে প্ৰৱঞ্চকে সলনি কৰিব পাৰে আপোনাৰ এটিএম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.