হোজাই,22 আগষ্ট: দেওবাৰে হোজাইৰ শংকৰদেৱ নগৰত অনুষ্ঠিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক গুৰুত্বপূ বৈঠক ৷ বৈঠকখনত উপস্থিত থাকে পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah)। হোজাইত উপস্থিত হোৱাৰ পিছতে মন্ত্রীগৰাকীয়ে জিলা উপাযুক্তৰ সভাগৃহত এক সভাত মিলিত হয় (District Deputy Commissioner of Hojai) । উক্ত সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে জিলা উপায়ুক্ত অনুপম চৌধুৰী, লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ, অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, ৰক্তিম বৰুৱা, সহকাৰী আয়ুক্ত ৰবাৰ্ট টিউলাৰ উপস্থিত থাকে ।
এই সভাত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মূলতঃ জলজীৱন মিছন আৰু স্কীল ডেভেলপমেন্ট বিভাগ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় । জলজীৱন মিছনৰ অধীনত সম্পূর্ণ হোৱা আচঁনিসমূহ ১ ছেপ্তেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত আত্মসহায়ক গোটৰ দ্বাৰা পৰিদৰ্শন কৰা হ’ব । আত্মসহায়ক গোট সমূহৰ সদস্যই প্ৰত্যেকঘৰ মানুহৰ ঘৰলৈ গৈ মানুহক জলজীৱন মিছনৰ পানীৰ গুণগত মান নিৰীক্ষণ কৰাৰ লগতে ৰাইজক সজাগ কৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ।
সমগ্ৰ অসমত জলজীৱন মিছনৰ পানীৰ গুণগত মানদণ্ড সন্দৰ্ভত ৰাইজক সজাগ তিনিটা পৰ্যায়ত কৰোৱা হ’ব । জলজীৱন মিছনৰ পানী আৰু তাৰ গুণগত মান নিৰীক্ষণ, ৰাইজক সজাগ কৰোৱা আদি শিক্ষাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰোৱাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে সংশ্লিষ্ট মহলে ৷ বিজ্ঞানৰ বিষয় হিচাপে ছাত্ৰ-ছাত্ৰী সকলে এইবোৰ নিৰীক্ষণ কৰিব ।
শিক্ষাৰ গুণোৎসৱৰ দৰে জলজীৱন মিছনৰ প্ৰতিটো প্ৰকল্পত জল উৎসৱ অনুষ্ঠিত কৰা হব (Har Ghar Jal Utsav in Assam)। জল জীৱন মিছনৰ প্ৰতিটো আঁচনিত এজন এজন বিষয়া গৈ দিনজোৰা কাৰ্যসূচীৰে উক্ত আচঁনিটো পৰ্যবেক্ষণ কৰিব । জলজীৱন আঁচনিৰ প্ৰতিটো আঁচনি যাতে কাৰ্যক্ষম যাতে হৈ থাকে আৰু প্ৰতিজন মানুহক প্ৰতিদিনে যাতে ৫৫ লিটাৰ পানী দিব পৰা যায় জলজীৱন মিছনক তেনে পৰ্যায়লৈ নিবৰ বাবে এক প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অৱগত কৰে ।
লগতে পঢ়ক: Jica water project in Guwahati: এহেজাৰ লিটাৰ পানী ক্ৰয় কৰিব লাগিব ২২ টকাত