ETV Bharat / city

এমাহ ধৰি অন্ধকাৰত ডুব গৈ আছে নগাঁৱৰ সমীপৰ এখন গাঁও

author img

By

Published : May 18, 2022, 7:49 PM IST

বিতৰ্কই লগ নেৰা হৈছে শক্তি বিভাগক । এমাহে অন্ধকাৰত নগাঁৱৰ সমীপৱৰ্তী এখন গাঁও (Poor Electricity Supply in Nagaon) । বিদ্যুতৰ পোহৰ বিচাৰি ৰাইজৰ প্ৰতিবাদ (Public protest against APDCL) ।

A village near Nagaon has been plunging into darkness for a month
এমাহ ধৰি অন্ধকাৰত ডুব গৈ আছে নগাঁৱৰ সমীপৰ এখন গাঁও

নগাওঁ, 18 মে’: শক্তি বিভাগৰ গাফিলতি আৰু অৱহেলাৰ বাবে সাধাৰণ ৰাইজে জলাকলা খাই অহা কোনো নতুন কথা নহয় । ভিতৰুৱা গাঁও-অঞ্চলসমূহো 24 ঘণ্টাই বিদ্যুতৰ পোহৰেৰে আলোকিত কৰাৰ কথা চৰকাৰে কৈ অহাৰ সময়তে বিগত প্ৰায় এটা মাহে অন্ধকাৰত থাকিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজ । নিশা হ'লেই আন্ধাৰত ডুব যায় গাঁওখন ।

নগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ শিমলুগুৰিৰ সোণাইপাৰাত বিগত এমাহে বিকল হৈ আছে বিদ্যুৎ ট্ৰেন্সফাৰ্মাৰ ৷ মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাচতো গা-লৰা নাই দায়িত্বত থকা বিভাগৰ ৷ ফলত ট্ৰেঞ্চফৰ্মাৰ মেৰামতি নোহোৱাৰ বাবেই বিগত এমাহে নিশাৰ ভাগত পোহৰৰ বাবে গাঁওখনৰ বাসিন্দাসকলে কেৰাচিনৰ লেম্প, টিপচাকি, মম আদি ব্যৱহাৰ কৰি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে (Poor Electricity Supply in Nagaon) ৷

আনকি অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ এনেবোৰ অসুবিধাৰ পাছতো আজিপৰ্যন্ত ৰাইজৰ আহ্বানক লৈ কোনো কাণ সাৰ নাই শক্তি বিভাগৰ ৷ অৱশেষত চৰকাৰ তথা বিভাগলৈ বাট চাই ভাগৰি পৰা গাঁওখনৰ ৰাইজে বুধবাৰে বিদ্যুৎ বিচাৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল (Public protest against APDCL ) ৷

ৰাইজক সকাহ দিয়াৰ বাবে অতি সোনকালে অঞ্চলটোত ট্ৰেন্সফাৰ্মাৰটো মেৰামতি কৰিবলৈ প্ৰতিবাদী ৰাইজে দাবী জনায় । এতিয়া নতুন ট্ৰেন্সফাৰ্মাৰৰ বাবে অপেক্ষা গাঁওখনৰ বসিন্দাৰ ।

লগতে পঢ়ক : কংগ্ৰেছ দলৰ পৰা নিলম্বন প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.