ETV Bharat / city

কামপুৰত পুনৰ 12 জনৰ দেহত ক'ভিড-19 প'জিটিভ - বঢ়মপুৰ

কামপুৰ কচুৱা গেৰজাইপামত পুনৰ 12 জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ উপস্থিতি ৷ ততালিকে আক্ৰান্ত লোক সকলৰ বাসগৃহ সমূহ কনন্টেইনমেন্ট হ'ম হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷

12 PERSONS NEW COVID-19 POSITIVE AT KAMPUR
কামপুৰত পুনৰ 12 জনৰ দেহত ক'ভিড-19 প'জিটিভ
author img

By

Published : Apr 27, 2021, 4:12 PM IST

বঢ়মপুৰ, 27 এপ্ৰিল: সমগ্ৰ দেশ তথা ৰাজ্যত এতিয়া কৰ'ণাৰ ভয়াৱহ পৰিস্থিতি ৷ দিনক দিনে হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৷ নগাঁও জিলাতো কৰ'ণাত আক্ৰান্ত হৈছে বহু লোক ৷ সমান্তৰালকৈ বঢ়মপুৰ কচুৱা গেৰজাইপামতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সোমবাৰৰ দিনটোতে বঢ়মপুৰৰ গেৰজাইপাম গাঁৱত শিশুসহ ১২ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷

কামপুৰত পুনৰ 12 জনৰ দেহত ক'ভিড-19 প'জিটিভ

উল্লেখ্য যে, গেৰজাইপাম গাঁৱত সোমবাৰে দুখনকৈ বিবাহ অনুষ্ঠিত হৈছিল ৷ বিবাহলৈ যোৱা ৬ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি ৷ গাঁও খনত নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত মঙলবাৰে উক্ত গাওঁখনৰ সকলো ৰাইজৰে এন্টিজেন টেষ্ট কৰে স্বাস্থ্য বিভাগে ৷ লগতে ক'ভিড পজিটিভ লোক সকলৰ বাসগৃহ সমূহ কনন্টেইনমেন্ট হ'ম হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷

পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত কৰ'ণাত আক্ৰান্ত লোক কেইজনৰ সৈতে ১৪ দিনৰ বাবে যোগাযোগৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে প্ৰশাসনে ৷ যদি কোনো লোকে সেই সকলৰ লোকৰ সৈতে যোগাযোগ কৰে, তেনেহ'লে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ৷

লগতে পঢ়ক-চাপৰত কৰ'ণাত আক্ৰান্ত মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.