যোৰহাট, 16 জুন : সাপেখাতিস্থিত ভাৰতীয় স্থলসেনাৰ 244 ফিল্ড ৰেজিমেন্টৰ এটা দলে কিছুদিন পূৰ্বে আটক কৰিছিল বৰহোলাৰ জয়ন্ত বৰা নামৰ যুৱকজনক ৷ কিন্তু সেনাৰ জিম্মাত চলা অত্যাচাৰৰ ফলতে নিৰীহ জয়ন্তৰ মৃত্যু হয় ৷ সামৰিক বাহিনী (বিশেষ) ক্ষমতা আইনৰ দোহাই দি এইদৰে সেনাই অসমত এতিয়া পুুনৰ আৰম্ভ কৰিছে মুক্ত হত্যা ৷
এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে ঘটনাৰ উচিত তদন্ত দাবী জনায় । লগতে এই ঘটনাত জড়িত দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ লগতে জয়ন্ত বৰা পৰিয়ালক ন্যায় দিয়াৰ বাবে দেশৰ প্ৰতিৰক্ষাৰ মন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ লিখিব বুলি উল্লেখ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ।
বান গৰাখহনীয়া সমস্যা সমাধানত জলসম্পদ বিভাগ তথা মন্ত্ৰী কেশৱ মহন্ত ব্যৰ্থ হৈছে । যোৰহাট বহটীয়া গাঁৱত অনুষ্ঠিত কৃৰ্তী শিক্ষাৰ্থীক সৰ্ম্বধনা জনোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দৰে মন্তব্য আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে ।
লগতে পঢ়কঃ গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ