মাজুলী, 22 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Covid positive cases rapidly increasing in Assam) ৷ শুকুৰবাৰৰ দিনটোত 6,897 জন লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । কেৱল যোৰহাটতে আক্ৰান্ত হৈছে 2,933 গৰাকী লোক ৷ ইতিমধ্যে ক'ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ।
মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে বাৰম্বাৰ ৰাইজক অনুৰোধ জনাইছে ক’ভিডৰ নীতি-নিয়মসমূহ মানি সজাগ হৈ থাকিবলৈ ৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান, জনসমাগমৰ পৰা নিজকে বিৰত ৰখা আদি উপায় অৱলম্বনেৰে সংক্ৰমণৰ শিকলিডাল যাতে চিঙি পেলাব পাৰি, তাৰকাৰণে ৰাইজক আহ্বান জনাইছে চৰকাৰ তথা আহ্বান জনাইছে ৷
ক'ভিডৰ এই সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ অফলামুখ পাৰঘাট (Majuli Afolamukh Ferry Service) পাৰাপাৰ হ'বলৈ অহা প্ৰতিগৰাকী যাত্ৰীয়ে মাস্ক পৰিধান বাধ্যতামূলক কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে (Wearing mask is mandatory at Majuli Afolamukh Ferry Service ) ৷
তদুপৰি যোৰহাটৰ পৰা উভতি অহা যাত্ৰীসকলে ক'ভিড টেষ্ট কৰিব লাগিব বুলি বাধ্যতামূলক কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে (Covid test is mandatory at Majuli Afolamukh Ferry Service ) ৷
লগতে যিসকল যাত্ৰীয়ে এটা ক'ভিড ভেকচিন গ্ৰহণ কৰিছে, সেইসকলক পাৰাঘাটত ক'ভিড টেষ্ট কৰা হৈছে ৷ যিসকল লোকে দুটা ভেকচিন গ্ৰহণ কৰিছে, সেইসকল লোকৰ দেহৰ উষ্ণতা জোখা হৈছে ৷ উষ্ণতা বৃদ্ধি পোৱা যাত্ৰীসকলৰ ক'ভিড টেষ্ট কৰা হৈছে ৷
লগতে পঢ়ক : Assam Government's Paddy Procurement Process : ৰঙিয়াত ভাৰতীয় খাদ্য নিগমে কৃষকৰ পৰা ক্ৰয় কৰিছে ধান