ETV Bharat / city

জলবায়ু পৰিবৰ্তিত পৰিবেশত ধানখেতিৰ সম্ভাৱনীয়তাৰ ওপৰত প্ৰশিক্ষণ - জলবায়ু পৰিবৰ্তিত পৰিবেশ

তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত জলবায়ু পৰিবৰ্তিত পৰিবেশত ধানখেতিৰ সম্ভাৱনীয়তা ওপৰত সপ্তাহজোৰা প্ৰশিক্ষণ সম্পন্ন ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই অনুষ্ঠানত জলবায়ু পৰিবৰ্তিত পৰিবেশত অসমত ধানখেতিৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় ।

Training programme in Regional Agricultural Research Centre in Titabor
জলবায়ু পৰিবৰ্তিত পৰিবেশত ধানখেতিৰ সম্ভাৱনীয়তা ওপৰত সপ্তাহজোৰা প্ৰশিক্ষণ সম্পন্ন
author img

By

Published : Jul 4, 2022, 10:39 PM IST

যোৰহাট, 4 জুলাই: অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত ২৭ জুনৰ পৰা ২ জুলাইলৈ জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকি জলবায়ু পৰিবৰ্তিত পৰিবেশত অসমত ধানখেতিৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্য আৰু মুখ্য বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াও উপস্থিত থাকে ।

Training programme in Regional Agricultural Research Centre in Titabor
জলবায়ু পৰিবৰ্তিত পৰিবেশত ধানখেতিৰ সম্ভাৱনীয়তা ওপৰত সপ্তাহজোৰা প্ৰশিক্ষণ সম্পন্ন

এছ ই আৰ বিৰ অৰ্থসাহাৰ্যৰে অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ পূৱ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ৩৯ গৰাকী নিৰ্বাচিত সহযোগী অধ্যাপক, গৱেষক তথা কনিষ্ঠ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে । আলোচনাত জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত হোৱা অসুবিধা আৰু জটিলতাসমূহ প্ৰশমিত কৰাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি, কৃষি জৈৱপ্ৰযুক্তি, কৃষিপ্ৰজনন আৰু বংশগতি তথা কৃষিবিজ্ঞানৰ জ্যেষ্ঠ অধ্যাপক তথা বিজ্ঞানীসকলে শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত জলবায়ুৰ সৈতে খাপ খোৱা বীজৰ সৈতে কৃষি প্ৰযুক্তি আগবঢ়াই নিয়াৰ ওপৰত আলোচনা আগবঢ়ায় ।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ দিল্লীস্থিত জ্যেষ্ঠ বিজ্ঞানী অক্ষয় তালুকদাৰে পৰিবৰ্তিত জলবায়ুত অসমৰ প্ৰেক্ষাপটত ধান খেতিৰ নতুন নতুন সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে । বীজ উদ্যোগ আৰু ধানৰ বজাৰৰ সম্ভাৱনীয়তা আৰু অৰ্থনৈতিক দিশত ভূমিকা সম্পৰ্কতো অনুষ্ঠানটোত বিশেষভাৱে আলোচনা কৰা হয় । প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড৹ বিদ্যুত কুমাৰ শৰ্মা, কৃষি জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী ড৹ এম কে মোডী আৰু তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াইও অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.