ETV Bharat / city

টীয়কত কালভাৰ্ট নিৰ্মাণৰ নামত লুণ্ঠন

author img

By

Published : May 22, 2021, 8:01 PM IST

টীয়ক সমষ্টিৰ ২৭ নং মধ্য চাওখাট হাতীগড় পঞ্চায়তৰ প্ৰতিনিধিৰ কামকাজত সাধাৰণ জনতাৰ অসন্তুষ্টি ৷ দুই লাখ পঞ্চাশ হাজাৰ টকা ব্যয় সাপেক্ষে এটা পকী কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি ৷ ৰাইজৰ ক্ষোভ প্ৰকাশ ৷

টীয়কত কালভাৰ্ট নিৰ্মাণৰ নামত লুণ্ঠন
টীয়কত কালভাৰ্ট নিৰ্মাণৰ নামত লুণ্ঠন

টীয়ক, 22 মে' : যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ ২৭ নং মধ্য চাওখাট হাতীগড় পঞ্চায়তৰ প্ৰতিনিধিৰ কামকাজত সাধাৰণ জনতাই অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ বিগত ২৫ ফেব্ৰুৱাৰীত টীয়কৰ ঢেকীয়াখোৱা দগা চুকৰ ইণ্ডিৰা আদৰ্শ গাঁৱৰ মূলপথত দুই লাখ পঞ্চাশ হাজাৰ টকা ব্যয় সাপেক্ষে এটা পকী কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । কিন্তু কালভাৰ্টটো নিৰ্মাণৰ ক্ষেত্ৰত কাম অতি নিম্নমানৰ হোৱাৰ হেতুকে স্থানীয় ৰাইজে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে ।

টীয়কত কালভাৰ্ট নিৰ্মাণৰ নামত লুণ্ঠন

কালভাৰ্টটোৰ দাঁতিত নাই কোনো গাৰ্ড ৱাল, মাটিৰ ওপৰতে স্থাপন কৰি ওপৰত পকী কৰি দিয়াৰ বাবে এতিয়া ব্যৱহাৰ নহওতেই ফাট মেলিছে । উল্লেখযোগ্য যে, নিৰ্মাণৰ সময়ত গাঁৱৰ কেইবাজনো সচেতন যুৱকে নিম্নমানৰ কামৰ বাবে প্ৰতিবাদ কৰিছিল যদিও পঞ্চায়তখন প্ৰতিনিধি সকলে এই প্ৰতিবাদত কানসাৰ নিদি বলপূৰ্বকভাৱে নিৰ্মাণকাৰ্য চলাই নিছিল বুলি অভিযোগ তুলিছে গাঁৱবাসীয়ে ।

যাৰ ফলত এতিয়া পথটোত অহা-যোৱাৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । সেয়ে ক’ভিডৰ আতংকৰ মাজতে নৱ গঠিত চৰকাৰখনক পঞ্চায়তৰ কাম-কাজ সমূহতো চকু দি ৰাইজৰ ধন অপচয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.