ETV Bharat / city

কৰ্তব্যত গাফিলতি কৰি তাচ পাত খেলে IWT ৰ বিষয়াই : শংকৰ জ্যোতি বৰুৱা

author img

By

Published : Sep 9, 2021, 7:42 PM IST

উপ নিৰ্বাচনৰ বাবে মাজুলীলৈ নেতা মন্ত্ৰীৰ সোঁত বৈছে বুলি মন্তব্য কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৷ আভ্যন্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ কৰ্মচাৰীয়ে কৰ্কব্যত গাফলতি কৰি তাচ পাত খেলি থকাত ব্যস্ত থকাৰো অভিযোগ কৰে তেওঁ ৷

sankor-jyoti-baruah-slams-government-for-nimati-ghat-tragedy
কৰ্তব্যত গাফিলতি কৰি তাচ পাত খেলে IWT ৰ বিষয়াই : শংকৰ জ্যোতি বৰুৱা

যোৰহাট, 9 ছেপ্টেম্বৰ : নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দল উপস্থিত হ’ল নিমাতীঘাটত ৷ দূৰ্ঘটনস্থলীত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই 4 বুধবাৰৰ ফেৰী দুৰ্ঘটনাত শোক প্ৰকাশ কৰে ৷ তেওঁ এই ঘটনাৰ বাবে চৰকাৰকেই জগৰীয়া আখ্যা দি এনে ঘটনা হোৱালৈ কিয় চৰকাৰখনে বাট চাই থাকে বুলি প্ৰশ্ন কৰে ৷

ৰ’ৰ , ৰ’পেক্স জাহাজ থকা স্বত্তেও এইবোৰ কিয় ব্যৱহাৰ নহয় বুলি তেওঁৰ প্ৰশ্নৰ উত্থাপন কৰে ৷ কমিচনলৈ লক্ষ্য কৰি চৰকাৰী নাও বেয়া বুলি কৈ ব্যক্তিগত নাৱত যাত্ৰীক যাবলৈ দিয়া হয় বুলিও অভিযোগ কৰে শংকৰ জ্যোতি বৰুৱাই ৷ যাত্ৰীৰ নিৰাপত্তাৰ বাবে কোনো চেফটি মিজাৰমেন্ট এই নাও সমূহত নথকাৰ কথা তেওঁ অভিযোগ কৰে ৷

আভ্যন্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ বিষয়া সকলে নিজৰ কাম কৰি ৰাইজৰ নিৰপত্তাৰ দিশ সমূহ চোৱা-চিতা নকৰাৰ কথা উল্লেখ কৰে তেওঁ ৷ ইয়াৰোপৰি এক বিস্ফোৰক অভিযোগ আনি তেওঁ প্ৰশ্ন কৰে যে, বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে যাত্ৰীৰ নিৰাপত্তালৈ ধ্যান নিদি তাত তেওঁলোকক তাচ পাত খেলি থাকিবলৈ ৰখা হৈছে নেকি ? তেওঁ কয় যে, বহু সময়ত বিভাগীয় লোক সকলে কৰ্তব্যত গাফিলতি কৰি তাচ পাত খেলি থকা দেখি আহিছে তেওঁলোকে ৷

ইয়াৰ লগতে চৰকাৰক ক্ষুৰধাৰে সমালোচনা কৰি তেওঁ কয় যে, মাজুলীত হ’ব লগীয়া উপনিৰ্বাচনৰ বাবেহে এই দুৰ্ঘটনাত গা লৰিছে চৰকাৰৰ ৷ মাজুলীত উপনিৰ্বাচন সমাগত নহ’লে মাজুলীলৈ নেতা, মন্ত্ৰী তথা মুখ্য মন্ত্ৰীৰ সোঁত বৈ নাথাকিল হেঁতেন ৷ আনহাতে, চাৰি বছৰত দলং নিৰ্মাণ হোৱাৰ কথাটোতো তেওঁ অবিশ্বাস প্ৰদৰ্শন কৰি পূৰ্বৰ দলং সমূহ নিৰ্মাণ কৰোতে লগা সময়ৰ কথা উল্লেখ কৰে ৷ ইয়াৰোপৰি, মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ আহ্বান জনায় ৷

লগতে পঢ়ক : নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.